নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যিটো বস্তু বেয়া সেইটো আমি বাধা দিব লাগিব, কি বস্তুত বাধা দিব জুবিনে?

CABৰ বিৰুদ্ধে জুবিন

নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰঃ CABৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল জুবিন গাৰ্গ। CABৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব জুবিনে। বিভিন্ন দল-সংগঠন শিল্পী সমাজৰ সহযোগত ৰাজপথত জুবিনে চলাব প্ৰতিবাদ। তেজপুৰৰ তেলেৰীয়াত সাংবাদিকক জনালে জুবিন গাৰ্গে। আমি সকলো একগোট হৈ থাকিলে বাহিৰা শক্তিয়ে একো কৰিব নোৱাৰে আৰু সকলোৱে একেলগে CABৰ বিৰুদ্ধে যুদ্ধ কৰি যাম বুলিও মন্তব্য কৰে জনপ্ৰিয় শিল্পীগৰাকীয়ে।