নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগদানৰ পিছৰে পৰা কাৰ্যালয়ত অনুপস্থিত হোজাইৰ তথ্য আৰু জনসংযোগ বিষয়া

নিয়মীয়া বার্তা ১ জুন: হোজাই জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াগৰাকী বিগত এমাহ ধৰি কাৰ্যালয়ত উপস্থিত নথকাত সাংবাদিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ তথ্য অনুসৰি যোৱা ৩০ এপ্ৰিলত ৰাজেন্দ্ৰ বৰুৱা নামৰ বিষয়াজনে হোজাই জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছিল৷ মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়, হোজাই হিচাপে চলি থকা এই কাৰ্যালয়টো সম্প্ৰতি মহকুমাৰ পৰা উন্নীত হৈ জিলা পৰ্যায়ৰ কাৰ্যালয় হিচাপে স্বীকৃতি লাভ কৰিছে ৷ ইয়াৰ পূৰ্বে বিগত ২০১৪ চনৰে পৰা প্ৰায় ছবছৰ কাল বিষয়া অবিহনে এই কাৰ্যালয়টো চলি আছিল ৷

২০২১ চনৰ মাৰ্চ মাহত নীৰা ৰায় নামৰ এগৰাকী কনিষ্ঠ বিষয়াক শংকৰদেৱনগৰৰ জনসংযোগ বিষয়া ৰূপে নিযুক্তি দিয়া হৈছিল ৷  ৰায়ে ন মাহ মান সময় শংকৰদেৱনগৰত কাম কৰাৰ পিছত বিগত বৰ্ষৰ ডিচেম্বৰ মাহত বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হিচাপে বদলি কৰাৰ পিছত হোজাই জনসংযোগ বিষয়াৰ চকীখন খালী হৈ পৰে৷ পাছত জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে হোজাইৰ অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিক এই দায়িত্ব প্ৰদান কৰে ৷ তেনে সময়তে বিগত এপ্ৰিল মাহতে ৰাজেন্দ্ৰ বৰুৱা নামৰ জ্যেষ্ঠ বিষয়া এজনক নিযুক্তি দিছিল ৷ কিন্তু বিষয়াজনে কাৰ্যালয়ত মাত্ৰ এদিন আহি উপস্থিত হৈ নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিয়েই গুচি যায় আৰু আজি প্ৰায় এমাহ সময় উকলি যোৱাৰ পিছতো কাৰ্যালয়ত উপস্থিত হোৱা নাই বিষয়াগৰাকী৷ ফলত জিলাখনৰ সাংবাদিক মহলত  মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

You might also like