নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত জোৱানে সাজিলে স্বয়ংক্রিয় বডী ছেনিটাইজাৰ ইউনিট

নিয়মীয়া বাৰ্তা, ১৯ এপ্রিলঃ দেশত এতিয়া ক’ৰোনা মহামাৰীৰ আতংক চলি আছে ৷ ইয়াৰ অধিক সংক্রমণৰ পৰা হাত সাৰিবলৈ সামাজিক দূৰত্ব মানি চলা আৰু হাত ভালকৈ ধোৱা, বডী ছেনিটাইজ কৰা আদিত অধিক গুৰুত্ব দিয়া হৈছে ৷ যোৰহাটৰ চিনামৰাৰ অ’ এন জি চিত থকা কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ দুজন জোৱানে সাজি উলিয়ায় এটা স্বয়ংক্রিয় হেণ্ড আৰু বডী ছেনিটাইজাৰ ইউনিট ৷ চি আই এছ এফৰ ছাউনীৰ গেটৰ সন্মুখত স্থাপন কৰা হৈছে এই ইউনিট৷ হাতেৰে কোনো স্পর্শ নকৰাকৈয়ে এই কাম কৰা হয়৷ প্রথম এটা ড্রামত ৰখা পানী আৰু হেণ্ড ছেনিটাইজাৰ ভৰিৰে হেঁচা মাৰি তাৰ পৰা নির্গত পানী আৰু ৰাসায়নিক দ্রব্যৰে হাত ধোৱাৰ পিছত বডী ছেনিটাইজাৰ ইউনিটত প্রৱেশ কৰাৰ আগমুহূর্তত বিদ্যুতৰ ছুইচ দি প্রৱেশ কৰাৰ লগে লগে আৰম্ভ হয় বডী ছেনিটাইজাৰৰ কাম৷ প্রায় ২০ ছেকেণ্ড বডী ছেনিটাইজ কৰি পাছফালে ওলাই যাবৰ সময়ত আকৌ বিদ্যুৎ ছুইচ বন্ধ কৰি যাব লাগে৷ কাৰিকৰী শিক্ষাৰ জোৱান নহ’লেও তেওঁলোকে সাজি উলিওৱা এই ইউনিটক লৈ গৌৰৱ কৰিছে বিভাগটোৰ ওপৰ মহলে৷ তদুপৰি ইয়াৰ জোৱানে কাপোৰৰ মাস্ক প্রস্তুত কৰি নিজৰ লগতে প্রায় ২০০খন অ’এনজিচিক প্রদান কৰে৷ একেদৰে সমীপৰ লোকক খাদ্য সামগ্রীও বিতৰণ কৰে ৷

You might also like