নিয়মীয়া বাৰ্তা, ৫ মে’ : ৰাজ্যত লকডাউনত স্তব্ধ শ্রমজীৱী জনতাৰ জনজীৱন ৷ ৰাজ্যৰ শ্রমজীৱী জনতাৰ বহুতৰে ঘৰত চৌকা জ্বলাবলৈও চিন্তা কৰিব লগা হৈছে ৷ বন্ধ হৈছে উপার্জনৰ পথ ৷ শ্রম নকৰিলে দুবেলা দুসাঁজৰ বাবে চিন্তা হোৱা এইসকল লোকৰ মর্মবেদনা শুনিব কোনে ? একাংশই উদৰ পূৰাই খাইছোঁ আৰু মোবাইলত ফটো তুলি ফেচবুকত আপলোড কৰিছোঁ ৷ কিন্তু তাৰ বিপৰীতে এইসকল লোকে বাৰু কি কৰিছে সেয়া ভার্ছুৱেল পৃথিৱীখনক বাদ দি আমাৰ চৌপাশৰ অঞ্চলটোত ভালকৈ চালেই আমি দেখা পাম বহু উৰুখা পঁজাৰ দুৰৱস্থা ৷ লকডাউনত সোণাৰিৰ বহু শিশুৱে পথৰ দাঁতিত বহি কচু–ঢেঁকীয়া, খুতুৰা আদি বিক্রী কৰিবলৈ পুৱাৰ পৰা সন্ধিয়ালৈ গ্রাহকৰ অপেক্ষাত বহিছে ৷
কাৰণ, লকডাউনৰ বাবে কাম বন্ধ হৈ আছে ৷ আনৰ সাহায্য পাবলৈও কিমান অপেক্ষা কৰিব ৷ চৰকাৰে দিয়া বিনামূলীয়া চাউলকেইটা হ’লেই জানো হ’ব ৷ উল্লেখ্য যে চৰকাৰৰ সুবিধাসমূহ এইসকল শ্রমজীৱী জনতাই লাভ কৰাৰ সলনি মধ্যভোগীয়েহে লাভ কৰে ৷ আনৰ ওচৰতো সদায়ৰ হাত পাতিব নোৱাৰে আত্মসন্মানৰ বাবে৷ সেয়ে সন্মানেৰে দুপইচা অর্জন কৰিবলৈ এই পথ বাছি ল’বলগীয়া হৈছে ৷ শিৱসাগৰৰ ফালৰপৰা সোণাৰিলৈ অহা পথত প্রতিদিনে দেখা পাব এই দৃশ্য ৷ যোগাত্মক দৃষ্টিৰে যদি চোৱা হয় এয়া সঁচাকৈ আদৰণীয়৷ যদিও আমি শিশু শ্রমিক ৰোধ কৰিবলৈ শ্লোগান দিওঁ, প্রকৃততে আমাৰ শ্লোগান আজি অসাৰ হ’লেও কিন্তু পেটৰ ক্ষুধা পূৰণ কৰিবলৈ ভিক্ষা খুজি খোৱাৰ সলনি সন্মানেৰে দুপইচা অর্জন কৰি খোৱাটো আজিৰ তাৰিখত আদৰণীয় ৷