নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত অইল ইণ্ডিয়াৰ প্ৰাকৃতিক গেছৰ উৎপাদন হ্ৰাস

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ বিশ্বব্যাপী সংহাৰী ৰূপ ধাৰণ কৰা মহামাৰী ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ভাৰত চৰকাৰে তৎকালীনভাৱে গ্ৰহণ কৰা ২১ দিনীয়া লকডাউনৰ ফলত মহামাৰীৰ সংক্ৰমণ কিছু পৰিমানে ৰুধিবলৈ সক্ষম হৈছে । আনহাতে দেশত সৃষ্টি হৈছে অৰ্থনৈতিক সংকট ।

কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই অইল ইণ্ডিয়া লিমিটেডে অত্যাৱশ্যকীয় ইন্ধনজাত সামগ্ৰী খাৰুৱা তেল, এলপিজি আৰু প্ৰাকৃতিক গেছৰ উৎপাদন কাৰ্য অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়ছোৱাত অইলৰ প্ৰাকৃতিক গেছৰ উৎপাদন পূৰ্বতকৈ কিছু হ্ৰাস পাইছে ।

দৈনিক ৭ মিলিয়ন ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ উৎপাদনকাৰী অইল ইণ্ডিয়াই চাহিদা কমাৰ ফলতেই অনিচ্ছা সত্ত্বেও গেছৰ উৎপাদন হ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে । আনহাতে , কৰ্মসূচীৰ তালিকা অনুসৰি এই সময়তো অইল ইণ্ডিয়ানসকলে নিজৰ কৰ্তব্য শৃংখলাবদ্ধভাৱে সম্পাদন কৰি অহাৰ ফলতেই বৰ্তমান দৈনিক প্ৰায় ৮ হাজাৰ মেট্ৰিক টন খাৰুৱা তেল উৎপাদন কৰিবলৈ সক্ষম হৈছে ।

অইল ইণ্ডিয়াই ২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ আৰম্ভণিতে সন্মুখীন হোৱা এই জটিল পৰিস্থিতিৰ ফলত পৰৱৰ্তী পৰ্যায়ত অইলৰ নিজা সম্পূৰ্ণ প্ৰকল্পত নিৰ্ধাৰিত বাৰ্ষিক মূলধন ব্যয়ত তাৰতম্য ঘটিব পাৰে ।

You might also like