নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ মাজতে অসমলৈ আহিল ৪২০খন মালবাহী ৰে’ল

নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে ২৪ মার্চৰ পৰা দেশজুৰি অব্যাহত আছে লকডাউন ৷ লকডাউনৰ বাবেই বন্ধ হৈ আছে যাত্রীবাহী বাছ, ৰে’ল আৰু বিমান সেৱা ৷ যাত্রীবাহী ৰে’লৰ চলাচল বন্ধ হ’লেও অত্যাৱশ্যকীয় সামগ্রী কঢ়িয়াই অনা মালবাহী ৰে’লৰ চলাচল অব্যাহত আছে ৷ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ জনসম্পর্কৰক্ষী বিষয়া নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়া মতে, ২৪ মার্চত লকডাউন ঘোষণা কৰাৰ পিছত আজি পর্যন্ত অসমকে ধৰি উত্তৰ–পূবৰ বিভিন্ন ৰাজ্যলৈ খাদ্য আৰু নিত্য ব্যৱহৃত সা–সামগ্রী কঢ়িওৱা ৪২০খন মালবাহী ৰে’ল অসমলৈ আহিছে ৷ এনে এখন ৰে’লত অতিকমেও ৪২ৰ পৰা ৫৮টাপর্যন্ত দবা বা ৰেক থাকে৷ প্রতিটো ৰেকত গড় হিচাপত ৬০ টনকৈ সামগ্রী থাকে৷ সামগ্রী কঢ়িওৱা ৰে’লসমূহ নিউ গুৱাহাটী, আজাৰা, চাংসাৰি, বঙাইগাঁও, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটাৰোড, ৰঙিয়া, ৰঙাপৰা, উত্তৰ লখিমপুৰ, নাহৰলগুন, ডিব্রুগড়, তিনিচুকীয়া, ডিমাপুৰ, যোৰহাট, লামডিং, শিলচৰ আৰু আগৰতলা ষ্টেচনত থকা নির্দিষ্ট য়ার্ডত ৰখাই আনলোডিং কৰা হয় ৷ লোডিং–আনলোডিঙত নিয়োজিত শ্রমিকসকলে মাস্ক পৰিধান কৰি আৰু সামাজিক দূৰত্ব বজাই ৰাখি যাতে কাম কৰে, তাৰ প্রতি নজৰ ৰখা হৈছে বুলি নৃপেন্দ্র ভট্টাচার্যই জানিবলৈ দিয়ে ৷

You might also like