নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ সমগ্ৰ মানৱ জাতিলৈ শংকা নমাই অনা ভয়াৱহ ক’ৰোনা ভাইৰাছে ছানি ধৰিছে সমগ্ৰ বিশ্ব। প্ৰতিদিনে বৃদ্ধি পাইছে এই মহামাৰী ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা। বিশ্বৰ আন আন দেশসমূহৰ সমান্তৰালকৈ আমাৰ দেশো এতিয়া আসন্ন বিপদৰ গৰাহত। এনে সময়তে এই ভয়ানক মহামাৰীৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ভাৰত বৰ্ষত চলিছে ২১ দিনীয়া লকডাউন। আনহাতে অসমীয়াৰ হিয়াৰ আমঠু, বাপতি সাহোন, হেঁপাহৰ ৰঙালী বিহু এতিয়া পদূলিমুখত। কিন্তু মানৱ জাতিৰ জীৱন অনিশ্চয়তাৰে ভৰি পৰা এনেকুৱা ক্ষণত অসমীয়াই যে এইবাৰ সামাজিকভাৱে উলহ-মালহেৰে বিহুক আদৰিব নোৱাৰে সেয়া একপ্ৰকাৰে নিশ্চিত। তাৰ মাজতে কিন্তু বুকুত আশা লৈ লকডাউন মাজতে নিজৰ ঘৰৰ চোতালত বিহুৱান প্ৰস্তুত কৰাৰ মানসেৰে বহিছে বজালীৰ এচাম শিপিনী। গৃহবন্দী হৈ তেওঁলোক এতিয়া ব্যস্ত হৈ পৰিছে তাঁতশালত। চৰকাৰী আহ্বান মানি চলাৰ প্ৰয়াসেৰে ঘৰতে থকাৰ সমান্তৰালভাৱে ঘনে ঘনে ধুইছে হাত আৰু বজাই ৰাখিছে স্বচ্ছতা। বজালীৰ মহকুমা সদৰ পাঠশালাৰ নিকটৱৰ্তী চৌখুটীৰ এটি পৰিয়ালত কোনোবাগৰাকী যদি ব্যস্ত বাতি কাঢ়ি সূতা লোৱাত, আনগৰাকী ব্যস্ত মহুৰা ফুৰোৱাত। কোনোবাগৰাকী আকৌ ব্যস্ত তাঁতশালত মাকৈ মৰাত। অকল এই পৰিয়ালটোৱেই নহয়
বিশেষকৈ গ্ৰামাঞ্চলৰ মহিলাসকলে লকডাউনৰ নিয়ম মানি এনেদৰে বিহুৱান বোৱাৰ প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। ক’ৰোনা ভাইৰাছৰ আতংক আৰু ভয়াৱহতাৰ মাজতো জাতীয় পৰম্পৰা ৰক্ষাৰ চেষ্টাত এতিয়া লকডাউনৰ সদ্ব্যৱহাৰ কৰি গৈছে গ্ৰামাঞ্চলৰ অসমীয়া মহিলাই। লকডাউনৰ নিয়ম উলংঘা কৰি একাংশ লোকে জুম পাতি আড্ডা, জুৱা, ক্ৰিকেট সুৰা আদিত মছগুল হৈ খকাৰ বিপৰীতে সাম্প্ৰতিক গ্ৰাম্য জীৱনৰ এখন বাস্তৱ ছবি প্ৰদৰ্শন কৰিছে এই সকল মহিলাই। তেওঁলোকৰ আশা আৰু বিশ্বাস যে চৰকাৰ আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্যৰ স্বাস্থ্য বিভাগে যুদ্ধকালীন প্ৰস্তুতিৰে কৰোনা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে নিৰৱচ্ছিন্ন প্ৰচেষ্টা অব্যাহত ৰাখিছে, তাত আমাৰ ৰাজ্য সফল হবই আৰু বছৰজোৰা অপেক্ষাৰ অন্তত অহা হেঁপাহৰ ৰঙালী বিহু অসমীয়াই উদযাপন কৰিবলৈ পাব।