নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সময়ত নাটকৰ জৰিয়তে সজাগতা সৃষ্টি

নিয়মীয়া বাৰ্তা, ১৭ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ বাবে দিয়া লকডাউনৰ সময়তে নাটকৰ জৰিয়তে সজাগতা সৃষ্টিৰ বাবে গোলাঘাটৰ এখন চৰকাৰী বিদ্যালয়ৰ কেইগৰাকীমান ছাত্রীয়ে কৰিছে এক ব্যতিক্রমী প্রয়াস ৷ প্রকৃতিপ্রেমী  গিৰিমল্লিকা শইকীয়াই পৰিকল্পনা আৰু ৰচনা কৰা চুটি নাটক ‘বাদুলিৰ কথোপকথন’ৰ জৰিয়তে প্রকৃতিৰ প্রতি শ্রদ্ধাশীল হৈ মহামাৰীসমূহৰ পৰা আগতীয়াকৈ কেনেকৈ সাৱধান হ’ব লাগে, সেই বিষয়ে সজাগতা অনাৰ চেষ্টা কৰিছে ৷ প্রকৃতিবিৰোধী ক্রিয়াকলাপৰ বাবেই আজি মানুহ প্রকৃতিৰ ৰোষত পৰিছে ৷ কেইবাগৰাকী চিকিৎসা বিজ্ঞানীয়ে মত প্রকাশ কৰিছে যে আধুনিক সমাজত মহামাৰীৰ সৃষ্টি হোৱা দুই–তৃতীয়াংশ বেমাৰৰ বীজাণুৰ  উৎপত্তিস্থল হৈছে বন্যজীৱ–জন্তু৷ বিশ্ব স্বাস্থ্য সংস্থায়ো বিশ্ব মহামাৰী হিচাপে ঘোষণা কৰা ক’ভিড–১৯ প্রথমে বন্যপ্রাণীৰ পৰাই মানুহৰ দেহলৈ সংক্রমিত হোৱাৰ সন্দেহ প্রকাশ কৰিছিল৷ বন্যপ্রাণী হত্যা বা বন্যপ্রাণীৰ মাংস ভক্ষণ আইনমতে দণ্ডনীয়৷ কিন্তু এতিয়াও সজাগতাৰ অভাৱ৷ আমাৰ উত্তৰ–পূর্বাঞ্চলতো এতিয়াও বহুতে বন্যচৰাই, সাপ, গুঁই, কাছ আদিৰ মাংস  সজাগতাৰ অভাৱত ভক্ষণ কৰি আহিছে৷ পৰিৱেশবিদসকলে সাৱধান কৰি দিছে যে মানৱ জাতিয়ে যদি পৰিৱেশৰ প্রতি শ্রদ্ধাশীল নহয়, তেন্তে ভৱিষ্যতে ক’ৰোনাতকৈও অধিক ভয়াৱহ মহামাৰীয়ে ত্রাস সৃষ্টি কৰিব৷ নাটকৰ জৰিয়তে বার্তা দিব বিচৰা গোলাঘাটৰ বনগাঁও চলা হাইস্কুলৰ ছাত্রীসকল হ’ল– পল্লৱী দাস, পাহি মজুমদাৰ, লুনা মজুমদাৰ, চিম্পী শইকীয়া, চুম্পী শইকীয়া ৷

You might also like