লকডাউন নমনা সকলৰ ওপৰত কঠোৰ আৰক্ষীঃ ৰাজ্যৰ বিভিন্ন অঞ্চলত লাঠীচালনা
নিয়মীয়া বাৰ্তা ২৫ মাৰ্চঃ লক ডউন নমনা লোক সকলৰ ওপৰত কঠোৰ হৈছে আৰক্ষী। ৰাজ্যৰ বহু অঞ্চলক লক ডাউন নমনা লোক সকলক আৰক্ষীয়ে লাঠী চাৰ্জ কৰিবলৈ বাধ্য হয়। যোৰহাট, কাজিৰঙা, মৰাণ, মৰিগাঁও অঞ্চলত লাঠী চাৰ্জ কৰে আৰক্ষীয়ে।
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰীয়ে ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে দেশবাসীকে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে, তেনে সময়তে প্ৰধান সেই আহ্বানকো কেৰেপ নকৰি ৰাজপথলৈ ওলাই অহা লোকক আৰক্ষীয়ে এসেকা দিবলৈ বাধ্য হৈছে।