নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউন বৃদ্ধিৰ বিৰোধিতা তৰুণ গগৈৰ

নিয়মীয়া বাৰ্তা, ১৭ মেঃ  দেশত পুনৰ লকডাউন বৃদ্ধিৰ বিৰোধিতা কৰিছে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে৷ ইয়াৰ পৰিৱর্তে শ্বপিং মল, চেলুন, জীম আদি খোলাৰ লগতে মেট্র’ ৰে’ল, বাছ–মটৰৰ চলাচল আৰম্ভ কৰাৰহে দাবী কৰিছে প্রাক্তন মুখ্যমন্ত্রী গগৈয়ে৷

এখন সংবাদ মেলত সেই দাবী কৰি গগৈয়ে কয়– লকডাউন চলি থাকিলে অর্থনীতি কেনেদৰে পুনৰুজ্জীৱিত হ’ব? সেয়ে মই পূর্বতেও কৈছোঁ, এতিয়াও কওঁ লকডাউন উঠাই দিব লাগে৷ সামাজিক দূৰত্ব মানি, মাস্ক পৰিধান কৰি, হাত ধোৱাৰ ব্যৱস্থা ৰাখি, শ্বপিং মল, চেলুন, জীম আদি খোলাৰ ব্যৱস্থা কৰিব লাগে৷ মেট্র’ ৰে’লকে ধৰি বাছ–মটৰৰ চলাচল খুলি দিব লাগে৷ কাৰণ ক’ৰোনা সোনকালে নাযায়৷ গগৈয়ে আৰু কয় যে দেশৰ অর্থনীতি পূর্বৰে পৰাই বিপর্যস্ত৷ ক’ৰোনাৰ বাবে এতিয়া বিধ্বস্তহে হৈছে৷

আনহাতে, লকডাউন প্রত্যাহাৰৰ দাবী কৰিলেও গগৈয়ে যিবোৰ অঞ্চল ক’ভিড–১৯ত আক্রান্ত, তেনে অঞ্চলত কঠোৰ নিষেধাজ্ঞা আৰোপৰ পোষকতা কৰে৷

ইপিনে,    সাম্প্রতিক পৰিস্থিতিৰ জোৰা মাৰিবলৈ কেন্দ্রীয় চৰকাৰে বিভিন্ন খণ্ডলৈ পুঁজি আবণ্টন দিছে যদিও জনস্বাস্থ্য খণ্ডৰ বাবে কোনো পুঁজি আবণ্টন নিদিয়া কার্যৰ গগৈয়ে সমালোচনা কৰে৷ গগৈৰ মতে বর্তমানৰ কেন্দ্রীয় চৰকাৰখন নিষ্ঠুৰ, অমানৱীয়৷ বহিঃৰাজ্যত আবদ্ধ হৈ থকা প্রব্রজিত শ্রমিকসকলক চৰকাৰে গৃহৰাজ্যলৈ ওভোতাই অনাৰ ব্যৱস্থা লোৱা নাই৷ যাৰ বাবে লাখ লাখ প্রব্রজিত শ্রমিকে প্রচণ্ড গৰমকো নেওচি সৰু সৰু ল’ৰা–ছোৱালীক লৈ শ শ মাইল খোজকাঢ়ি নিজ নিজ ৰাজ্যলৈ উভতিবলগীয়া হৈছে৷ সেইসকল দুর্দশাগ্রস্ত লোকক আর্থিক সাহায্য দিয়াৰ এখনো আঁচনি দেখা পোৱা নাই৷ গগৈয়ে সেইসকল লোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷ গগৈয়ে লগতে ৰাজ্যখনত বলৱৎ হৈ থকা শ্রমিক আইনখন অসম চৰকাৰে কেবিনেট সিদ্ধান্তৰ জৰিয়তে বাতিল কৰিবলৈ লোৱা পদক্ষেপৰ বিৰোধিতা কৰি চৰকাৰক সেই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনায়৷

You might also like