নিয়মীয়া বার্তা, ৪ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰাজহ চক্র এলেকাত গঢ়ি উঠা অবৈধ ইটাভাতাৰ ফলত ক’লা ধোঁৱাই ছানি ধৰিছে লক্ষীপুৰৰ আকাশ–বতাহ ৷ প্রাপ্ত তথ্য মতে ২০০৫ চনতেই চৰকাৰে অবৈধ ইটাভাতা বন্ধ কৰি দিছে যদিও লক্ষীপুৰ ৰাজহ চক্রৰ অন্তর্গত প্রায়বোৰ গাঁওতে গঢ়ি উঠিছে অবৈধ ইটাভাতা ৷ এই ইটাভাতাসমূহৰ পৰা অনবৰত নির্গত হৈ আছে কলা ধোঁৱা ৷ কলা ধোঁৱাই দূষিত কৰিছে পৰিৱেশ ৷ প্রত্যেক বছৰেই চোৰাং ব্যাৱসায়ীয়ে শ শ ইটাভাতী বহুৱাই ৰমৰমীয়া ব্যাৱসায় কৰি থকাৰ বিপৰীতে বৃহত্তৰ অঞ্চলটোত বসবাস কৰা লোকসকলে শ্বাস– প্রশ্বাসজনিত বেমাৰত আক্রান্ত হৈছে ৷
ইপিনে ৰাইজে অবৈধ ইটাভাতাসমূহ বন্ধ কৰাৰ দাবী জনাইছে যদিও লক্ষীপুৰ ৰাজহ চক্র বিষয়া মুঠেই গুৰুত্ব প্রদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ উত্থাপন হোৱা মতে লক্ষীপুৰ ৰাজহ চক্র বিষয়াৰ কার্যালয়ৰ পৰা লাট মণ্ডলসকলে গাঁও পৰিদর্শন কৰি অভিযোগৰ সততা প্রতিপন্ন কৰি প্রতিবেদন প্রস্তুত কৰে যদিও প্রায় কুৰি দিন পাৰ হৈ যোৱাৰ পিছতো অবৈধ ইটাভাতাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে ৷
লাট মণ্ডলসকলৰ সৈতে অবৈধ ইটাভাতা মালিকৰ সৈতে গোপন বুজা বুজি হোৱা বুলিও অভিযোগ উঠিছে ৷ জলেশ্বৰ সমষ্টিৰ বিশেষ কৈ কাণ্টাপুৰ কাকৰেটাৰী গাঁওত এইবাৰো প্রশাসনৰ চকুত ধূলি দি জহিৰুল ইছলাম, জুব্বাৰ আলী, চবিয়াল, আলী আকবৰ, সুকুজ উদ্দিন আদিয়ে বিশাল এলেকাত অবৈধ ইটাভাতা বহুৱাই পৰিৱেশ বিনষ্ট কৰিছে ৷ শাকতোলা গাঁওতো গঢ়ি উঠা অসংখ্য অবৈধ ইটাভাতাৰ কু–প্রভাৱত অঞ্চলবাসী ৰাইজ অতিষ্ঠ হোৱা বুলি অভিযোগ উত্থাপন হৈছে ৷