নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ আকাশত অত্যাধুনিক যুঁজাৰু বিমানৰ গর্জন

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা হঠাৎ যুঁজাৰু বিমানৰ গর্জনত কঁপিছে লখিমপুৰ৷ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰত সঘনে নামিছে ভাৰতীয় বায়ুসেনাৰ অন্যতম শক্তিৰূপে পৰিচিত ছুখই যুঁজাৰু বিমান৷ কালিৰে পৰা বিমানবন্দৰটোলৈ ছুখইৰ আগমনে ৰাইজক কৌতূহলী কৰি তুলিছে৷ কাণ তালমৰা শব্দৰে উৰণ অথবা অৱতৰণ কৰা যুদ্ধবিমানৰ হঠাৎ আগমনৰ প্রসংগ কেন্দ্রীয় গৃহ বিভাগে সদৰী কৰিব বিচৰা নাই যদিও জৰুৰীকালীন অথবা যুদ্ধকালীন পৰিস্থিতিত লীলাবাৰী বিমানবন্দৰত বায়ুসেনাৰ ঘাটিলৈ ৰূপান্তৰিত কৰাৰ অনুশীলন কৰা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখ্য, বিগত বর্ষত অৰুণাচলৰ পাচিঘাটত এটা এডভান্সড লেণ্ডিং গ্রাউণ্ড স্থাপন কৰি ছুখই অৱতৰণ কৰোৱা হৈছিল৷ কেৱল ইমানেই নহয়, পাচিঘাট, মেচুকা আদি অৰুণাচলৰ বহুকেইটা স্থানত এডভান্সড লেণ্ডিং গ্রাউণ্ড ইতিমধ্যে স্থাপন কৰা হৈছে৷ এই লেণ্ডিং গ্রাউণ্ডসমূহত যুঁজাৰু বিমানৰ অৱতৰণ কৰোৱা হৈছে৷ শেহতীয়াকৈ লীলাবাৰী বিমানবন্দৰতো ছুখই অৱতৰণ কৰি যুদ্ধকালীন পৰিস্থিতিত বন্দৰটো সামৰিক ঘাটিলৈ পৰিণত কৰাৰ অনুশীলন কৰা হৈছে৷ উল্লেখ্য যে উত্তৰ–পূবৰ ভিতৰত গুৱাহাটী আৰু লীলাবাৰী বিমানবন্দৰতহে এইপর্যন্ত নৈশ অৱতৰণৰ সুবিধা আছে৷ ইয়াৰ বাবে লীলাবাৰী বিমানবন্দৰে যুদ্ধকালীন পৰিস্থিতিত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব৷ লক্ষণীয় যে চীনে সততে অৰুণাচলক নিজৰ বুলি দাবী কৰি অহাৰ ফলত এই পার্বত্য এলেকাক লৈ অদূৰ ভৱিষ্যতে সংঘাতে তীব্র ৰূপ ধাৰণ কৰিব পাৰে দুয়ো দেশৰ মাজত৷ ১৯৬২ চনত চীনে অৰুণাচলেৰে আগ্রাসন কৰিছিল৷ অদূৰ ভৱিষ্যতে চীনে পুনৰাই অৰুণাচলক ব্যৱহাৰ কৰা নাইবা অৰুণাচলক দখল কৰাৰ আশংকা মাৰ যোৱা নাই৷ এনে পৰিস্থিতিত ভাৰতীয় বায়ুসেনাই অৰুণাচলেৰে হোৱা আক্রমণ প্রতিহত কৰিব পৰাকৈ সুচল স্থান নির্বাচন কৰি যুঁজাৰু বিমান অৱতৰণৰ অনুশীলন কৰি আহিছে৷ শেহতীয়াকৈ লীলাবাৰী বিমানবন্দৰক বায়ুসেনাই যুদ্ধকালীন পৰিস্থিতিৰ বাবে উপযোগী কৰি তুলিছে৷ অসামৰিক ক্ষেত্রতো লীলাবাৰী বিমানবন্দৰে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ অৰুণাচললৈ আহিবলগীয়া কেন্দ্রীয় মন্ত্রী আদিয়ে ইমান দিনে দিল্লীৰ পৰা পোনে পোনে লীলাবাৰী বিমানবন্দৰত অৱতৰণ কৰি পিছত বিশেষ হেলিকপ্ঢাৰযোগে অৰুণাচললৈ ৰাওনা হয়৷ যাত্রী পৰিবহণৰ উপৰি ৰাজনৈতিক ক্ষেত্রতো ইমান দিনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা লীলাবাৰী বিমানবন্দৰ এইবাৰ যুদ্ধক্ষেত্রৰ বাবেও সাজু হৈ উঠিছে৷ যাৰ বাবে সোমবাৰে দিনটোতো দুখনকৈ ছুখই যুঁজাৰু বিমান লীলাবাৰীত ৰাখি অনুশীলন চলোৱা হৈছে৷

You might also like