লাহোৱালত তিনি গাইসহ চোৰাং গৰু সৰবৰাহত ব্যবহৃত এখন বাহন জব্দ
- আন্ধাৰৰ সুযোগ বুজি দুই গৰু চোৰৰ পলায়ন
নিয়মীয়া বাৰ্তা,১৭এপ্ৰিল — লাহোৱাল চাউলখোৱাৰ এটা বৃহৎ গৰু চুৰি চক্ৰই দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি ন ন কৌশলৰে চোৰাং গৰু সৰবৰাহৰে জড়িত হোৱা বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কালি নিশা AS-06-G7149 নম্বৰ ৰ এখন চিলভাৰ ৰঙৰ চেভৰলেট কোম্পানীৰ এভি’অ বাহনত তিনিজনী গাই লৈ ডিব্ৰুগড় অভিমুখে আহি আছিল তেনেতে বাহনখনৰ ওপৰত আৰক্ষীৰ সন্দেহ ঘনীভূত হোৱাত লাহোৱাল থানাৰ সহকাৰী উপ পৰিদৰ্শক তুলসী বাইলুংৰ নেতৃত্বত যোৱা নৈশ তহলদাৰী আৰক্ষী দলটোৱে বকুল বাইপাছৰ ৰ’টাৰী সমীপৰ পৰা বাহনখনক খেদি যায় যদিও ধৃত চোৰকেইটাই আৰক্ষীয়ে খেদি যোৱা উমান পাই বাহনখন বাইপাছৰ খাৱৈত নমাই আন্ধাৰৰ সুযোগ বুজি পলায়ন কৰে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিবলৈ পোৱা গৈছে ৷
আৰক্ষীয়ে বাহনখনৰ পৰা তিনিজনী গাই উদ্ধাৰ কৰাৰ লগতে বাহনখন জব্দ কৰি কালি নিশাৰ পৰা চোৰকেইটাৰ সন্ধানত নামি পৰিছে বুলি জানিব পৰা গৈছে ৷
উল্লেখযোগ্য যে চোৰাং গৰু সৰবৰাহত জড়িত চক্ৰটোৱে কোনো নথি পত্ৰ নথকা কাগজ পত্ৰ ব্যৱহাৰ কৰাৰ লগতে কৌশলগতভাবে IND চীল যুক্ত নম্বৰপ্লেট প্ৰস্তুত কৰিও গৰু চোৰত ব্যৱহৃত বাহনসমূহত প্ৰয়োগ কৰে বুলি অভিযোগ উঠিছে ৷ ইফালে IND নম্বৰ প্লেটটো যদি পৰিবহণ বিভাগৰ কাৰ্যালয়ত বাহনখনৰ গৰাকী বিষয়ে জানিব বিচৰা হয় সেই গাড়ীৰ নম্বৰটো কোনো এখন জিলাৰ পৰিবহণ বিভাগতে পঞ্জীয়নভুক্ত নহয় বুলিও জানিব পৰা গৈছে ৷ আন এটা উল্লেখনীয় দিশ যে গোপন সূত্ৰৰ জৰিয়তে জানিব পৰা অনুসৰি দীৰ্ঘদিনৰ পৰা গৰু চোৰাং ব্যৱসায়ৰে জড়িত চক্ৰটো ইমানেই প্ৰতিপত্তিশালী যে ডিব্ৰুগড়ৰ যিকোনো ভিতৰুৱা অঞ্চলৰ পৰা গৰু চুৰি কৰি যদি নিৰ্দিষ্ট ঠাইসমূহত যোগান ধৰিব পাৰে তেন্তে একে নিশাৰ ভিতৰতে বৃহৎ কমিছনৰ অংকও আদায় দিয়াৰ চৰ্তত চাউলখোৱাৰ ড্ৰাগছ আসক্ত একাংশ যুৱকক সেই চক্ৰটোৱে ব্যৱহাৰ কৰি অহা বুলিও অভিযোগ উঠিছে ৷ আনফালে এই চক্ৰটোৱে কেৱল গৰু চোৰ কৰিয়েই যে লাহোৱালত সন্ত্ৰাস সৃষ্টি কৰিছে এনে নহয় নৈশ গো মাংস কাটি গো মাংসৰ অৱশিষ্ট সমূহ চাউলখোৱাৰ কালী মন্দিৰৰ সমীপতে পুৱাই ত্যাগ কৰে বুলিও অভিযোগ উঠিছে যাৰ ফলত তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ নতুবা ডিব্ৰুগড়ৰ পৰা দুলীয়াজান,নামৰূপ,নাহৰকটীয়া,টেঙাখাত,জয়পুৰৰ লগতে তিনিচুকীয়া জিলাৰ ভিন্ন চহৰসমূহলৈ নিতৌ অহা যোৱা কৰা যাত্ৰী সকলেও চাউলখোৱাৰ কালী মন্দিৰৰ সমীপৰ ঠাইখিনিত নাক মুখ ধৰিহে পাৰ হ’বলগীয়া পৰিবেশ সৃষ্টি কৰিছে বুলি অভিযোগ উঠিছে ৷ এই সন্দৰ্ভত সচেতন পথচাৰী সমূহৰ লগতে স্থানীয় ৰাইজে চোৰাং গৰু সৰবৰাহৰে জড়িত চক্ৰটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাই আহিছে যদিও প্ৰশাসনেও এই চক্ৰটোক উৎখাত কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত এতিয়া এই চক্ৰটোৱে সন্ৰাসৰ সীমা চেৰাই লাহোৱাল চাউলখোৱাৰ অঞ্চলটোৰ ওপৰত বিৰূপ প্ৰভাব পেলাইছে বুলিও স্থানীয় ৰাইজে অভিযোগ আনিছে ৷