নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেজাইত ধুমুহাত ক্ষতিগ্রস্তৰ কাষত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ সমগ্র ৰাজ্যৰ বিভিন্ন অঞ্চলত বিগত সময়ত ধুমুহাই তাণ্ডৱ সৃষ্টি কৰি বিস্তৰ ক্ষতি কৰিছে৷ কৃষক তথা গঞা ৰাইজৰ বহু ক্ষয়–ক্ষতি হৈছে৷ এই সময়ছোৱাত ক্ষতিগ্রস্ত লোকসকলৰ প্রকৃত ক্ষয়–ক্ষতিৰ পৰিমাণৰ বুজ ল’বলৈ আৰু উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা উপায়ুক্তসকলক ৰাজ্য চৰকাৰে নির্দেশ দিছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷

শুকুৰবাৰে ডিব্রুগড় জিলাৰ মৰাণ সমষ্টিৰ ধুমুহা–বিধ্বস্ত লেজাই অঞ্চলৰ কেইবাটাও পৰিয়ালৰ গৃহত উপস্থিত হৈ মুখ্যমন্ত্রী সোণোৱালে ক্ষয়–ক্ষতিৰ বুজ লোৱাৰ উপৰি ক্ষতিগ্রস্ত লোকসকলৰ স’তে মত বিনিয়ম কৰে৷ প্রতিকূল বতৰকো নেওচি মুখ্যমন্ত্রী সোণোৱালে ধুমুহাত ক্ষতিগ্রস্ত পৰিয়ালৰ গৃহলৈ খোজকাঢ়ি গৈ ক্ষয়–ক্ষতিৰ চৰজমিন বুজ লয়৷ জিলা উপায়ুক্তসকলে বিভিন্ন বিভাগৰ মুৰব্বীসকলক লৈ ক্ষতিগ্রস্ত গাঁওসমূহৰ জৰীপ কার্য চলাই আছে বুলিও মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে৷ ক্ষতিগ্রস্ত জনসাধাৰণে যাতে শীঘ্রে চৰকাৰী সাহায্য লাভ কৰিব পাৰে, সেই সম্বন্ধে তৎকালীন পদক্ষেপ লোৱাৰ বাবে জিলা উপায়ুক্তসকলক নির্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্রী সোণোৱালে কয়৷

ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি প্রতিৰোধ কৰাৰ বাবে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্থানত মথাউৰি মেৰামতি তথা নির্মাণৰ কাম আৰম্ভ হৈছে বুলি উল্লেখ কৰি সামাজিক দূৰত্ব বর্তাই ৰাখি মথাউৰি নির্মাণৰ লগত জডিত থকা বিষয়া–কর্মচাৰী তথা শ্রমিকসকলে এই কাম কৰি আছে বুলিও মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰে হোৱা বার্তালাপত উল্লেখ কৰে৷ মুখ্যমন্ত্রীয়ে মথাউৰি নির্মাণৰ লগত জডিত ঠিকাদাৰ, অভিযন্তা, বিষয়া–কর্মচাৰী তথা শ্রমিকসকলক স্বাস্থ্য বিভাগে প্রদান কৰা নির্দেশাৱলী তথা সামাজিক দূৰত্ব সঠিকভাৱে মানি চলি এই কাম আগুৱাই নিয়াৰ বাবে তেওঁ আহ্বান জনায়৷

ইয়াৰ পূর্বে মুখ্যমন্ত্রী সোণোৱালে আজি ডিব্রুগডৰ বকপৰা চাহ বাগিচাত উপস্থিত হৈ চাহপাত তোলাত ব্যস্ত চাহ শ্রমিকসকলক মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব মানি চলাৰ প্রয়োজনীয়তা সম্পর্কে সজাগ কৰে৷ উল্লেখ্য যে বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতিৰোধমূলক ব্যৱস্থা হিচাপে চাহ শ্রমিকসকলৰ মাজত ক’ভিড–১৯ প্রট’কল আৰু অন্যান্য স্বাস্থ্যবিধি সম্পর্কত পর্যাপ্ত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব দি মুখ্যমন্ত্রীয়ে নিজেই ডিব্রুগড জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তর্গত বকপৰা চাহ বাগিচাত উপস্থিত হৈ তাত কাম কৰা শ্রমিকসকলে সামাজিক দূৰত্ব মানি চলিছেনে নাই, সেয়া পৰিদর্শন কৰে৷ মুখ্যমন্ত্রীয়ে বাগানত কাম কৰা কেইবাগৰাকীও মহিলা চাহ শ্রমিকৰে মত বিনিময় কৰি বাগিচা এলেকাত ক’ভিড–১৯ৰ নিয়মাৱলী সঠিকভাৱে মানি চলা হৈছেনে নাই, তাৰো বুজ লয়৷ পৰিদর্শনকালত তেওঁ মহিলা চাহ শ্রমিকসকলৰ মাজত মাস্ক বিতৰণ কৰাৰ উপৰি তেওঁলোকক নিজৰ তথা সমাজৰ সুৰক্ষাৰ বাবে অনবৰতে সামাজিক দূৰত্বৰ নিয়মাৱলী তথা পৰিষ্কাৰ– পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনায়৷

You might also like