লোকশিল্পী প্রভাত কলিতা বৰবায়নলৈ স্বীকৃতি আউনীআটী সত্রৰ
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ঢ়কুৱাখনা মহকুমাৰ প্রাচীন নামঘৰ মাজজালভাৰী চৈধ্য প্রসংগীয়া মহাপুৰুষীয়া সংস্কৃতিৰ সাধক বৰগায়ন প্রভাত কলিতালৈ আগবঢ়োৱা হৈছে শ্রীশ্রী আউনীআটীয় সত্রৰ তৰফৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ সাধনা ‘নামলগোৱা’ স্বীকৃতি৷ উল্লেখ্য যে ঐতহ্যমণ্ডিত মাজুলীৰ শ্রীশ্রী আউনীআটীয় সত্রৰ উদ্যোগত মাজুলী মণিকাঞ্চন ৰংগমঞ্চত আয়োজিত অসম ভাওনা সমাৰোহ২০২০ উপলক্ষত অনুষ্ঠিত সদৌ অসম নামলগোৱা সমাৰোহত যোৱা ১৯ জানুৱাৰীত প্রদান কৰা হয় এই সন্মান৷ শ্রীশ্রী আউনীআটীয় সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰদেৱ গোস্বামী আৰু বৰেণ্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়া স্বাক্ষৰিত এখন বিশেষ প্রশংসা পত্রৰে বিশিষ্ট মহাপুৰুষীয়া শিল্পী প্রভাত কলিতা বৰগায়নক উষ্ম সম্বর্ধনাৰে এই স্বীকৃতি প্রদান কৰে৷ উল্লেখ্য যে ১৯৯৩ চনৰ পৰা একেলেথাৰিয়ে মহাপুৰুষীয়া ঐতিহ্যমণ্ডিত বৰনামঘৰ মাজজালভাৰী চৈধ্য প্রসংগীয়া মহাপুৰুষীয়া নামঘৰৰ বৰগায়ন হিচাপে দায়িত্ব লৈ সমগ্র জালভাৰী তথা ঢ়কুৱাখনা মহকুমাটোতে মহাপুৰুষ গুৰুদুজনাৰ অমৰ গীত–মাত–বাদ্য, গায়ন–বায়ন, অংকীয়া ভাওনা–নাট, নৱ বৈষ্ণৱ নামধর্ম প্রচাৰ, প্রসাৰ আৰু নতুনচামৰ মাজত প্রশিক্ষণ প্রদান কৰি আহিছে৷ ইমানে নহয়, কলিতাই হেৰাই যাব ধৰা মহাপুৰুষসকলৰ অনেক সাঁচিপাতৰ নাট–নাটিকা, গীত–মাত আদি নিজে বহু কষ্ট আৰু দৈন্যৰ মাজেৰে সংৰক্ষণ আৰু সংবর্ধন কৰি বর্তমান উদ্ভাসিত কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রণালয়ৰ উত্তৰ–পূব ক্ষেত্র সাংস্কৃতিক কেন্দ্র–ডিমাপুৰ (এন.ই.জেদ.চি.চি.)ৰ তৰফৰ পৰাও তেখেতৰ নেতৃত্বত কেইবাৰবাৰো ৰাষ্ট্রীয় পর্যায়ৰ লোকনৃত্য–গীত মহোৎসৱত অংশগ্রহণ কৰি বিৰল প্রতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে চৈধ্য প্রসংগীয়া পৰম্পৰা, ভাগৱত পাঠ, নামঘোষা, কীর্তনঘোষা, ঘোষাধেমালি, ৰাগধেমালি, ৰামধেমালি, গীতধেমালি, সৰু ধেমালি, বৰধেমালিৰ লগতে সর্বমুঠ ৩২জন বৰগীত, ৩০নম্বৰ ঘোষা, ২৮জন কীর্তনত বিশেষ পাৰদর্শিতা আৰু পার্গত বৰগায়ন প্রভাত কলিতা নতুন ভকত–বান্ধৱসকল ধাৰাবাহিক শিক্ষণ প্রদান কৰি আহিছে৷ জালভাৰী গাঁৱত দৰিদ্র সাংস্কৃতিক পৰিয়াল মনোৰম কলিতা আৰু কনমলাৰ ঔৰসত ১৯৫৭ চনৰ ব’হাগ মাহৰ এটি শুকুৰবাৰত প্রভাতিপুৱাতে জন্মলাভ কৰা ষাঠিৰ ডেওনা পাৰ হোৱা প্রচাৰবিমুখ শিল্পীজনালৈ মাজজালভাৰী গাঁও উন্নয়ন কমিটী, মাজজালভাৰী গায়ন পৰিচালনা কমিটী, পশ্চিম ঢ়কুৱাখনা সনাতন ধর্মালোচনী সমাজ, মহাপুৰুষীয়া পুৰাতন সংস্কৃতি অধ্যয়ন, প্রশিক্ষণ আৰু গৱেষণা কেন্দ্র, আভা সাংস্কৃতিক গোষ্ঠী, উজনি জালভাৰী গাঁও পৰিচালনা সমিতি আদি অনেক অনুষ্ঠান–প্রতিষ্ঠানে তেখেতৰ শৈল্পীক স্বীকৃতিৰ বাবে শুভেচ্ছা জনাইছে৷