নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লোকসভা নির্বাচনত অসমত কংগ্রেছে পাব ১৪খন আসন– পুনৰ ভূপেন বৰাৰ দাবী

 ঃ একেই মন্তব্য বিৰোধী দলপতি দেৱব্রত শইকীয়াৰো ঃ খালেকৰ মতে বিজেপিতকৈ কংগ্রেছে অধিক আসন পাব ঃ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ– কবিতা লিখা মানুহ আৱেগিক, কল্পনাৰ জগতত থাকে ঃ অহাবাৰ ৰাজ্যত কংগ্রেছ চৰকাৰে কি কি কৰিব তাৰো খতিয়ান দিলে ভূপেন বৰাই

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ:  অহা লোকসভা নির্বাচনত অসমৰ ১৪খন আসনৰ ভিতৰত ১৪খনেই কংগ্রেছ দলে দখলৰ লগতে ৰাজ্যত কংগ্রেছ দলেই পৰৱর্তী চৰকাৰ গঠনৰ সপোন দেখিছে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই৷ আনকি ২০২৬ চনত ৰাজ্যত চৰকাৰ গঠন কৰিয়েই প্রথমখন কেবিনেটতে কংগ্রেছ চৰকাৰে কি কাম কৰিব, তাৰো এতিয়াই পৰিকল্পনা কৰিছে সভাপতি বৰাই৷ প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা বাংলাদেশ মুক্তিযুদ্ধৰ সোণালী জয়ন্তীৰ বিজয় উদ্যাপন অনুষ্ঠানত অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ আগত সভাপতি বৰাই কয় যে ২০২৪ চনত হ’বলগীয়া লোকসভা নির্বাচনত কংগ্রেছ দলে অসমৰ ১৪খন আসনেই দখলৰ লক্ষ্য কৰি লৈছে৷ কংগ্রেছৰ এই স্থিতি দেখি বিজেপিৰ বুকু কঁপি গৈছে৷ এই সপোন বাস্তৱায়িত কৰাৰ বাবে বিজেপিৰ আশীর্বাদ বিচৰা নাই বুলি প্রকাশ কৰি সভাপতি বৰাই কয় যে অসমবাসী ৰাইজে আশীর্বাদ দিব৷ এইবাৰ মেট্রিকত অৱতীর্ণ হোৱা চাৰি লাখ ৪৩ হাজাৰ ছাত্র–ছাত্রীৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ বর্তমানৰ চৰকাৰখনৰ ওপৰত যি খং উঠিছে, সেয়া বিজেপিয়ে গম পাইছে৷ লোকসভাত ১৪খন আসন দখলৰ সপোন বাস্তৱায়িত হ’ব বুলি উল্লেখ কৰি সভাপতি বৰাই আৰু কয় যে ৰাজ্যতো কংগ্রেছ দলে অহাবাৰ চৰকাৰ গঠন কৰিব৷ কংগ্রেছে চৰকাৰ গঠন কৰিয়েই প্রথমখন কেবিনেটতে ৪.৫ লাখ ৰাজ্যিক কর্মচাৰীক পুৰণা পেন্সন আঁচনিৰ অধীনত সামৰি ল’ব৷ হিমাচল প্রদেশ, ৰাজস্থানত ইতিমধ্যে কংগ্রেছ চৰকাৰে নতুন পেন্সন আঁচনি বাতিল কৰি সকলো কর্মচাৰীকে পুৰণা পেন্সন বিধিৰ অধীনত সামৰি লৈছে৷ অসমতো সকলো ৰাজ্যিক কর্মচাৰীক কংগ্রেছে চৰকাৰ গঠন কৰিয়েই পুৰণা পেন্সন আঁচনিত সামৰি ল’ব৷ সেইদৰে ফিক্সড পে’, ঠিকাভিত্তিক কর্মচাৰীসকলৰো দায়িত্ব কংগ্রেছ চৰকাৰে ল’ব৷

আনহাতে, বিজেপি দলক ৱাচিং পাউডাৰ নির্মা বুলি তীব্র কটাক্ষ কৰি সভাপতি বৰাই কয় যে অকল বিজেপিৰ হাততে ৱাচিং পাউডাৰ নির্মা আছে৷ বিজেপিলৈ আহিলেই সকলো কলংকমুক্ত হৈ যায়৷ ইপিনে, সভাপতি বৰাৰ সুৰতে সুৰ মিলাই বিৰোধী দলপতি দেৱব্রত শইকীয়ায়ো আসন্ন লোকসভা নির্বাচনত কংগ্রেছে ৰাজ্যখনৰ ১৪খন আসনৰ ভিতৰত ১৪খনেই লাভ কৰিব বুলি দাবী কৰি কয় যে অসমৰ ৰাইজে অহা নির্বাচনত কংগ্রেছকেই ভোট দিব৷ ইফালে, বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে আসন্ন লোকসভা নির্বাচনত সমগ্র দেশৰ লগতে অসমতো বিজেপিতকৈ কংগ্রেছে অধিক আসন লাভ কৰিব বুলি মন্তব্য কৰি কয় যে অসম্ভৱ বুলি ৰাজনীতিত কোনো কথা নাই৷ সেইদৰে প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন শিকদাৰেও লোকসভা নির্বাচনত কংগ্রেছৰ ফলাফল ভাল হ’ব বুলি দাবী কৰি কয় যে বিজেপিয়ে কেতিয়াও কংগ্রেছ জিকিব বুলি নকয়৷ সেয়ে বিজেপিৰ কথাত কংগ্রেছৰ কোনো প্রতিক্রিয়া নাই৷ নির্বাচনৰ ফলাফল ৰাইজেহে দিব৷ কোন দলে কোনটো সমষ্টিত জিকিব, সেয়া জনাসাধাৰণে নির্ধাৰণ কৰিব৷

You might also like