নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ শিশু নিকেতন, উদয়ন গোষ্ঠী, উত্তৰ গুৱাহাটী প্ৰছ গীল্ডৰ আৰ্তজনলৈ সাহায্য

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিলঃ কামৰূপ জিলাৰ অগ্ৰনী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন , উদয়ন গোষ্ঠীৰ উদ্যোগত আৰু উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডৰ কৰ্মকৰ্তা , বিষয়ববীয়া আৰু সদস্য সকলে লকডাউনৰ সময়ছোৱাত খাদ্য সংকটৰ গৰাহত পৰা আৰ্ত জনতাক সহায়ৰ হাত আগবঢ়াইছে । আজি উদয়ন গোষ্ঠী , উত্তৰ গুৱাহাটী শঙ্কৰদেৱ শিশু নিকেতন আৰু উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডৰ উদ্যোগত দুই শতাধিক পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰে । উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ মুকুটেশ্বৰ গোস্বামী, উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডৰ ৰন্টু বৈশ্য, অজিত চমুৱা, সমাজকৰ্মী কুলেন বড়ো, মুন দাস, উদয়ন গোষ্ঠীৰ মনোজ ৰয়, প্ৰবোধ ভট্ট, প্ৰতাপ সাহা, দিবাকৰ দে প্ৰমুখ্যে ব্যক্তিসকলে চাউল, দাইল, পিঁয়াজ, আলু, নিমখ, বিস্কুটৰ পেকেট ইত্যাদিৰে বিপদগ্ৰস্ত ৰাইজক সহায় আগবঢ়ায় ।

উল্লেখ যোগ্য যে, শঙ্কৰদেৱ শিশু নিকেতনৰ নিজা বাহনেৰে অঞ্চলটিত ঘৰে ঘৰে গৈ ৰেচনৰ টোপোলাবোৰ বিতৰণ কৰা হৈছিল । বিপদ কালত দুই মানৱদৰদী সংগঠনক সহযোগ আগবঢ়ালে উত্তৰ গুৱাহাটী প্ৰেছ গীল্ডৰ সাংবাদিক সকলে । সংকটকালত এষাৰি মাত আৰু এমুঠি খাদ্য আগবঢ়োৱা মানৱ দৰদী সংগঠন কেইটিয়ে অহা ১২ এপ্ৰিলতো উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ বাছেৰে পুনৰ উত্তৰ গুৱাহাটী, আমিনগাঁও, গৌৰীপুৰ অঞ্চলত সাহায্য বিতৰণ কৰিব বুলি জানিবলৈ দিছে ।

You might also like