নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিলচৰত হ’ব ৩০০ বিচনাযুক্ত চিকিৎসালয়ঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ ৰাজ্যত স্থাপন হ’ব লগা ৩০০ বিচনাযুক্ত পাঁচখন চিকিৎসালয়ৰ দ্বিতীয়খনৰ স্থান দেওবাৰে ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ক’ৰোনা ৰোগীৰ বাবে ৰাজ্যত স্থাপন হ’ব লগা ৩০০ বিচনাযুক্ত প্ৰথমখন চিকিৎসালয়ৰ স্থান শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ চিকিৎসালয়ৰ স্থান পৰিদৰ্শন কৰাৰ পাচতেই দেওবাৰে মন্ত্ৰীগৰাকী শিলচৰত উপস্থিত হয় ।

শিলচৰত উপস্থিত হৈ শিলচৰ মেডিকেল কলেজ হাস্পতালক কেৱল ক’ৰোনা আক্ৰান্তৰ বাবে গঢ়ি তোলাৰ লগতে ব্যক্তিগত চিকিৎসালয়ে সাধাৰণ ৰোগীসকলক চিকিৎসা আগবঢ়োৱা সন্দৰ্ভত এক আলোচনাত মিলিত হয় মন্ত্ৰীগৰাকী ।

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বৰাকৰ বিধায়ক পৰিমল শুক্লবৈদ্য, সাংসদ ৰাজদ্বীপ ৰয় আৰু সমীৰ সিংহাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ শিলচৰত হ’ব লগা ৩০০ বিচনাযুক্ত হাস্পতালৰো স্থান পৰিদৰ্শন কৰে ।

 

You might also like