শীঘ্রে আৰম্ভ কৰিব ২৯টা বৃত্তিমূলক পাঠ্যক্রম
নিয়মীয়া বাৰ্তা, ১১জুনঃ বৃত্তিগত শিক্ষাক অধিক সম্প্রসাৰিত কৰাৰ বাবে তৎপৰ হৈছে শিক্ষা বিভাগ৷বৃত্তিগত শিক্ষাৰ জৰিয়তে শিক্ষার্থীসকলে যাতে সহজতে সংস্থাপিত তথা আত্মনির্ভৰশীল হ’ব পাৰে, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হয় এখন গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকত মুখ্য বক্তা হিচাপে উপস্থিত থাকে আছাম স্কিল ডেভেলপমেণ্টৰ পৰিচালন সঞ্চালক আনন্দ প্রকাশ তিৱাৰীৰ লগতে বহুকেইটা বৃত্তিগত প্রতিষ্ঠানৰ লগত জডিত থকা বিষয়াসকল৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত শিক্ষার্থীসকলে কোনবোৰ বিষয় ল’লে ভৱিষ্যতে উপকৃত হ’ব, তাৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়৷ আনহাতে, এই বৈঠকতে পাঠ্যক্রমত শীঘ্রে আন কেইবাটাও নতুন বৃত্তিগত বিষয় অন্তর্ভুক্ত কৰাৰ ওপৰতো আলোচনা কৰা হয়৷ শিক্ষা সংসদৰ অধ্যক্ষ–সচিবৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকতে মুক্ত বিদ্যালয়ৰ ওপৰতো বিতংভাৱে আলোচনা কৰা হয়৷ লগতে উচ্চতৰ মাধ্যমিকৰ অন্তর্গত মুক্ত বিদ্যালয়ৰ পৰীক্ষাসমূহ স্বচ্ছ আৰু নিকা ৰূপত কিদৰে অনুষ্ঠিত কৰিব পাৰি, তাৰ ওপৰতো বিভিন্নজনৰ পৰা গ্রহণ কৰা হয় পৰামর্শ৷ এই বৈঠকতে ২৯টা বৃত্তিমূলক পাঠ্যক্রম আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হয়৷ উল্লেখ্য যে ১৬ জুনলৈ শিক্ষা সংসদৰ কার্যালয়ত অনুষ্ঠিত হ’ব আন কেইবাখনো গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকৰ অন্তত শিক্ষা সংসদে বহুকেইটা গুৰুত্বপূর্ণ বিষয় সদৰী কৰাৰ সম্ভাৱনা আছে৷