নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বার্জিলৰ উর্দুত লিখা বহু তথ্য হোৱাটছএপৰ পৰা উদ্ধাৰ

নিয়মীয়া বাৰ্তা ২৬ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রদ্রোহৰ গোচৰত গ্রেপ্তাৰ হোৱা দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (জেএনইউ) গৱেষক ছাত্র শ্বার্জিল ইমামৰ পৰা ক্রাইম ব্রাঞ্চে লাভ কৰিছে কেতবোৰ বিস্ফোৰক তথ্য৷ শ্বার্জিল ইমামৰ লেপটপ, ম’বাইল ফোনৰ পৰা দেশৰ বিভিন্ন প্রান্তৰ ব্যক্তিলৈ উর্দু ভাষাত লিখা বার্তা প্রেৰণৰ তথ্য লাভ কৰিছে ক্রাইম ব্রাঞ্চে৷ আৰক্ষীৰ এক শীর্ষ সূত্রই জনোৱা মতে শ্বার্জিলে ই–মেইল, হোৱাট্ছএপ আৰু মেছেঞ্জাৰযোগে বহুকেইজন লোকলৈ উর্দু ভাষাত লিখা বার্তা প্রেৰণ কৰিছিল৷ অসম আৰক্ষীৰ বিশেষ শাখাত থকা চাইবাৰ ড’মত পৰীক্ষা কৰি এই বার্তাসমূহৰ প্রতিলিপি উলিওৱা হৈছে৷ ক্রাইম ব্রাঞ্চে এই বার্তাসমূহৰ অর্থ উদ্ধাৰৰ বাবে উর্দু ভাষা জনা ব্যক্তিৰ সহায়ত অনুবাদ কৰাৰ ব্যৱস্থা কৰিছে৷ এই বার্তাসমূহত বিস্ফোৰক তথ্য থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ নেতৃত্ব লৈ দেশ বিভাজনৰ প্রৰোচনামূলক মন্তব্য দি দেশৰ অখণ্ডতাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা শ্বার্জিলক জেৰা কৰি আৰক্ষীয়ে আন কেতবোৰ তথ্য লাভ কৰিছে৷ আৰক্ষীৰ সূত্রটোৱে জনোৱা মতে, গুৱাহাটীৰ এটা ৱেব প’র্টেলৰ প্রতিষ্ঠাপক তথা পৰিচালন সম্পাদকে দিল্লীত শ্বার্জিল ইমামক লগ কৰিছিল৷ দিল্লীত গৈ কিয় শ্বার্জিলক লগ কৰিছিল, তাৰ প্রকৃত তথ্য উদ্ঘাটনৰ বাবে ক্রাইম ব্রাঞ্চে ৱেব প’র্টেলৰ পৰিচালন সম্পাদকজনক সোধা–পোছা কৰিব৷ শ্বার্জিলৰ সন্মুখত মুখামুখিকৈ বহুৱাই লৈ সম্পাদকজনক সোধা–পোছা কৰিবলৈ ইতিমধ্যে ক্রাইম ব্রাঞ্চৰ মহানগৰীৰ পাণবজাৰত থকা কার্যালয়ত উপস্থিত হ’বলৈ কোৱা হৈছে৷ ইফালে আজি শ্বার্জিল ইমামৰ কণ্ঠস্বৰৰ নমুনা লোৱাৰ বাবে সাজু হৈছে ক্রাইম ব্রাঞ্চ৷ আজিৰ দিনৰ ভাগত গুৱাহাটীৰ কাহিলিপাৰাস্থিত ৰাজ্যিক ফৰেনছিক বিজ্ঞানাগাৰৰ বিশেষজ্ঞৰ দলে শ্বার্জিলৰ কণ্ঠস্বৰৰ নমুনা সংগ্রহ কৰিব৷ এই গোটেই প্রক্রিয়াটো ভিডি’গ্রাফী কৰি ৰেকর্ডিং কৰিবলৈ নির্দেশ দিছে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশে৷ ইফালে জেএনইউৰ গৱেষক ছাত্রজনৰ এছবিআইৰ ২টা আৰু কানাড়া বেংকত থকা একাউণ্টৰ এবছৰৰ লেনদেনৰ সবিশেষ তথ্য বিচাৰি ক্রাইম ব্রাঞ্চে দুয়োটা বেংক কর্তৃপক্ষলৈ আবেদন জনাইছে৷ ‘কা’বিৰোধী আন্দোলনৰ নেতৃত্ব লোৱা শ্বার্জিল ইমামৰ একাউণ্টলৈ বিভিন্ন উৎসই ধন প্রেৰণ কৰা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷ বেংক কর্তৃপক্ষৰ পৰা ধনৰ লেনদেনৰ সবিশেষ তথ্য লাভ কৰাৰ পিছতে শ্বার্জিলৰ একাউণ্টলৈ কোনে কোনে ধন ভৰাই দিছিল সেয়া পোহৰলৈ আহিব৷ উল্লেখ্য যে দেশ বিভাজনৰ উচটনিমূলক মন্তব্য দিয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰত দিল্লী আৰক্ষীয়ে ২৮ জানুৱাৰীত বিহাৰৰ জেহানবাদৰ পৰা গ্রেপ্তাৰ কৰিছিল শ্বার্জিলক৷ একেই অভিযোগত অসম আৰক্ষীয়েও শ্বার্জিলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু যোৱা বৃহস্পতিবাৰে দিল্লীৰ পৰা গুৱাহাটীলৈ আনিছিল শ্বার্জিলক৷ ধৃত শ্বার্জিল বর্তমান ক্রাইম ব্রাঞ্চৰ জিম্মাত আছে৷

You might also like