শ্রীৰামপুৰত শ্রমিকক আটক কৰি কোৱাৰেণ্টাইন
নিয়মীয়া বার্তা, ১৭ এপ্রিলঃ তলাবন্ধৰ ফলত অসমৰ লক্ষাধিক মানুহ বহিঃৰাজ্যৰ বিভিন্ন অঞ্চলত আবদ্ধ হৈ এক দুর্বিষহ পৰিস্থিতিত জীৱন কটাই আছে ৷ বহিঃৰাজ্যত উপার্জন তথা আশ্রয় হেৰুৱাই এক অসহনীয় অৱস্থাৰ মাজত দিন কটাই থকা সময়ত পেটৰ ভোক আৰু জীৱনৰ অনিশ্চয়তাত হতাশ হৈ একাংশই খোজকাঢ়ি গৃহাভিমুখে যাত্রা কৰিও আহুকালৰ সন্মুখীন হোৱাৰ বাতৰি প্রকাশ পাই আছে ৷ বহিঃৰাজ্যত খাদ্য, বাসস্থানৰ অভাৱত হাবাথুৰি খাই জীৱনক তুচ্ছজ্ঞান কৰি একাংশই আৰক্ষী–প্রশাসনৰ চকুত ধূলি দি গৃহলৈ অহাৰ চেষ্টা চলাইছে ৷ সেই চেষ্টা চলাই বৃহস্পতিবাৰে এজন যুৱক শ্রীৰামপুৰত ৰে’ল আৰক্ষীৰ হাতত ধৰা পৰে ৷
জানিব পৰা মতে, গুৱাহাটীৰ ৰিহাবাৰীৰ এজন যুৱকে কিষাণগঞ্জত শ্রমিকৰ কামত নিয়োজিত আছিল যদিও তলাবন্ধৰ ফলত কাম হেৰুৱাই বিহাৰৰ কিষাণগঞ্জত ইমান দিন অনাই–বনাই ঘূৰি তথা গৃহলৈ অহাৰ বাবে কোনো উপায় বিচাৰি নাপাই অৱশেষত খোজকাঢ়ি গুৱাহাটী অভিমুখে যাত্রা আৰম্ভ কৰে৷ কিষাণগঞ্জৰ পৰা ৰে’লপথেৰে সাত দিন ধৰি অনাহাৰে–নিদ্রাই মৰণক শৰণ দি খোজকাঢ়ি গুৱাহাটী অভিমুখে যাত্রা কৰা যুৱকজন আজি শ্রীৰামপুৰ ৰে’ল ষ্টেচন অতিক্রম কৰি ৰে’লপথ ধৰি যোৱা সময়ত ৰে’ল আৰক্ষীয়ে যুৱকজনক আটক কৰি সোধা–পোছা কৰাত সকলো ঘটনা পোহৰলৈ আহে৷ অনাহাৰে–নিদ্রাই তথা মনত ভয়–ভীতি লৈ প্রায় ৩২০ কিঃ মিঃ পথ খোজকাঢ়ি আহি অসুস্থ হৈ পৰা যুৱকজনক ৰে’ল আৰক্ষীয়ে শিমুলটাপু আৰক্ষী চকীত চমজাই দিয়ে৷ গুৱাহাটীৰ ৰিহাবাৰীৰ বাসিন্দা ব্রিটিছ বানাইৰ পুত্র লক্ষণ বানাই (৩২) নামৰ যুৱকজনক আৰক্ষীয়ে প্রাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত গোসাঁইগাঁও মহকুমাৰ বল্লমগুৰিস্থিত কোৱাৰেণ্টাইন শিবিৰত ১৪ দিনৰ বাবে আবদ্ধ কৰে৷ ইপিনে, বঙাইগাঁৱৰ পৰা খোজকাঢ়ি বংগৰ দিশে যাত্রা কৰা সাতগৰাকী যুৱকক শিমুলটাপুত আৰক্ষীয়ে আটক কৰি উক্ত শিবিৰতে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰে৷ বংগৰ মুর্ছিদাবাদ জিলাৰ বিভিন্ন স্থানৰ এইসকল যুৱকে বঙাইগাঁৱত থাকি ফেৰিৱালাৰ কাম কৰিছিল৷ তলাবন্ধৰ পিছত কাম–বন হেৰুৱাই হতাশ হৈ পৰা এওঁলোকে খোজকাঢ়িয়ে গৃহৰ উদ্দ্যেশে যাত্রা আৰম্ভ কৰে যদিও অৱশেষত আৰক্ষীৰ হাতত হৈ কোৱাৰেণ্টাইনত আবদ্ধ হ’ব লগা হয় ৷