নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীমন্তশংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিঃৰ পৰীক্ষা বাতিল়

ক'ৰোনা ভাইৰাছকেন্দ্ৰিক পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৩১ মাৰ্চঃ শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ে অহা মে’ মাহত অনুষ্ঠিত হ’ব লগীয়া পৰীক্ষাসমূহ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰাখিছে। অহা ৪ মেত বিশ্ববিদ্যালয়খনৰ অধীনৰ স্নাতকোত্তৰ ডিপ্লমা আৰু এম ডি এম এছৰ পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু শেহতীয়াকৈ ক’ৰোনা ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে পৰৱৰ্তী জাননী নিদিয়াপৰ্যন্ত পৰীক্ষাসমূহ স্থগিত ৰখাৰ সিদ্ধান্ত ঘোষণা কৰিছে। উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ পৰা উদ্ভৱ হ’ব পৰা সম্ভাব্য পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে শেহতীয়াকৈ সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিছে। চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়খনত অধ্যয়নত চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীসকলকো বিশেষ প্ৰশিক্ষণৰ জৰিয়তে কৰোনাৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে। আনাহাতে অহা ১৪ এপ্ৰিলৰ মাজনিশালৈ সমগ্ৰ দেশত অব্যাহত থাকিব লকডাউন। এনে এক জৰুৰীকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ত অহা মে’ মাহত হবলগীয়া পৰীক্ষা সমূহ স্থগিত ৰাখিছে।

You might also like