নিয়মীয়া বাৰ্তা, ৫ মাৰ্চঃ আজি গহপুৰ মহকুমাৰ ডিপৰাস্থিত কঠালনীবাৰী গাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী মাধৱ আতা সত্ৰৰ গুৰু আসন প্ৰতিষ্ঠা কৰা হয় । এই অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী হিচাপে মুখ্যদ্বাৰ উন্মোচন অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অৰুণ দাস, বিশ্বনাথ জিলা সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰ নাৰায়ণ গোস্বামী আৰু কল্যাণপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈৰ লগতে অঞ্চলটোৰ বহুকেইজন বিশিষ্ট ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে ।
উল্লেখ্য যে উক্ত সত্ৰভাগ অসম চৰকাৰৰ প্ৰত্নতত্ত্ব বিভাগৰ দ্বাৰা অনুমোদিত ধনেৰে নিৰ্মাণ কৰা হৈছিল আৰু নিৰ্মাণৰ আধাৰশিলা গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই স্থাপন কৰিছিল ।