নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্কৃতি কেৱল কিতাপৰ পাতত আছেঃ হোমেন বৰগোহাঞি

নিয়মীয়া বাৰ্তা ১০ জানুৱাৰীঃ আমাৰ বাল্যকালত গ্রন্থমেলা শব্দটোৰ লগত কাৰো পৰিচয় নাছিল৷ আজি ঢ়কুৱাখনাৰ নতুন প্রজন্মৰ গ্রন্থমেলাৰ সৈতে পৰিচয় ঘটিছে৷ ই মোৰ বাবে আটাইতকৈ সুখৰ খবৰ৷ এই যে পৃথিৱীখন অতি দ্রুতগতিৰে সলনি হৈ আহিছে, মানুহৰ জীৱনধাৰাও সলনি হৈছে৷ আমাৰ অসমীয়া সংস্কৃতি এতিয়া কেৱল কিতাপৰ পাততহে আছে, অসমীয়া মানুহৰ শৰীৰত আৰু সমাজত নাই৷ এখন ভাল গ্রন্থ প্রকাশৰ বহুবছৰ পিছতহে তাৰ গুৰুত্ব বাঢ়ে৷ লগে লগে ইয়াৰ ফলাফল পোৱা নাযায়৷’ –এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ৷ প্রথমবাৰৰ বাবে আয়োজিত ঢ়কুৱাখনা গ্রন্থমেলাৰ তৃতীয় দিনৰ কার্যসূচী অনুসৰি ঢ়কুৱাখনা গ্রন্থমেলা উদ্যাপন সমিতিৰ সভাপতি ড০ গিৰীণ গগৈৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত ঢ়কুৱাখনাৰ সু–সন্তান হিচাপে অংশগ্রহণ কৰি বৰগোহাঞিয়ে আৰু কয় যে– ‘১৮৮৪ চনত গুৱাহাটীত অনুষ্ঠিত প্রথম গ্রন্থমেলা সংস্কৃতিৰ পাতনি মেলাৰ পিছত আজি–২০২০’ত যে ঢ়কুৱাখনাত প্রথম গ্রন্থমেলা অনুষ্ঠিত হৈছে এয়া অতি আশাব্যঞ্জক কথা৷ ঢ়কুৱাখনাৰ পুৰণি সুনাম আছে৷ ব্রিটিছৰ আমোলতে ৰাজ্যৰ ভিতৰতে তৃতীয়খন মজলীয়া বিদ্যালয় প্রতিষ্ঠা হৈছিল৷ গতিকে মই এটা কথাই ক’ম এই গ্রন্থমেলাই এসময়ত ৰাজ্যৰ সকলো গ্রন্থ উৎসৱক চেৰ পেলাব৷ আনহাতে বিশিষ্ট সাহিত্যিক বৰগোহাঞিয়ে নৱনীতা গগৈৰ ‘ৰূপ–বর্ণম’ আৰু ড০ চন্দ্রধৰ চমুৱাৰ ‘চামৰাৰ জোতা’ নামৰ দুখন গ্রন্থ উন্মোচন কৰাৰ লগতে ঢ়কুৱাখনাৰ বিভিন্নজনে কৰা অনেক প্রশ্ণৰো উত্তৰ দি তেওঁ কয়– ‘জীৱনটো এটা মহা ভোজ, সুস্থ মানুহে জীৱনৰ ভোজ ভালকৈ খাব পাৰে আৰু অসুস্থ মানুহে জীৱনটো নষ্ট কৰে অবাবত৷’ এই অন্তৰংগ আলাপ অনুষ্ঠানত ঢ়কুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ্র সূত, অৱসৰপ্রাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈ,বাসন্তী মৰাং, শিক্ষাবিদ–সর্বেশ্বৰ সূত বৰুৱাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে৷

উল্লেখ্য যে  তৃতীয় দিনাৰ পুৱাৰ কার্যসূচী মতে ছাত্র–ছাত্রীসকলৰ মাজত চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়৷ ইয়াৰ পিছতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ আনহাতে গ্রন্থমেলাৰ বাকৰিত পথিক নাট্যগোষ্ঠীৰ শিল্পীসকলে ড০ পংকজ বৰাৰ ৰচনা আৰু পৰিচালনাৰে ‘আন্ধাৰ আৰু মৰুভূমিৰ মাজেদি’ নামৰ এখন বাটৰ নাট মঞ্চস্থ কৰে৷ ইয়াৰ পিছতে ৩ বজাৰ পৰা কবি মৌচুমী গগৈ হাতীবৰুৱাৰ সঞ্চালনাত ঢ়কুৱাখনাৰ ন–পুৰণি লেখক–লেখিকাসকলৰ্ অন্তৰংগ আলাপ অনুষ্ঠান আয়োজিত হয়৷ পূজা গগৈয়ে আঁত ধৰা এই অনুষ্ঠানত ক্রমে জুলি বৰুৱা, শৈলেন বৰুৱা, ঘনকান্ত বডা, জয়চন্দ্র হাজৰিকা, ড০ জিতু কুমাৰ চমুৱা, জ্যোতি নীলিমা গগৈ, ৰাজীৱ তামুলী, ৰাজীৱ বৰুৱা, জ্যোতিষ্মান দাস, বিদ্যাৱতী গগৈকে আদি কৰি প্রায় কুৰিগৰাকী ঢ়কুৱাখনাৰ স্থানীয় লেখক, কবি, গল্পকাৰ, ঔপন্যাসিকে অংশগ্রহণ কৰি নিজে কিয় লিখে, লেখাৰ পটভূমি, লিখাৰ সুখানুভূতি ইত্যাদি প্রকাশ কৰে৷ সন্ধিয়া ৫ বজাৰ পৰা স্থানীয় প্রবীণ শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়৷ কাইলৈ গ্রন্থমেলাৰ চতুর্থ দিনৰ কার্যসূচী অনুসৰি পুৱা ছাত্র–ছাত্রীসকলৰ মাজত কবিতা আবৃত্তি প্রতিযোগিতা অনুষ্ঠিত হ’ব৷ ইয়াৰ পিছতে দিনৰ ১১.৩০ বজাত বিশিষ্ট লেখক ইছমাইল হোছেইনৰ সঞ্চালনাত ‘অসমীয়া ভাষাৰ ভৱিষ্যৎ’ শীর্ষক এখন গুৰুত্বপূর্ণ আলোচনা–চক্র অনুষ্ঠিত হ’ব৷ ইয়াত আলোচকৰূপে ভাগ ল’ব ডিব্রুগড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্রাধ্যাপক ড০ সত্যকাম বৰঠাকুৰ, উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখোৱা আৰু বিশিষ্ট ভাষাবিদ, লেখক ড০ নাহেন্দ্র পাদুনে৷ ইফালে বিয়লি ২.৩০ বজাত অনুষ্ঠিত হ’ব তেজপুৰ জিআইএমটিৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁইৰ সঞ্চালনাত ছাত্র–ছাত্রীৰ সৈতে এটি কেৰিয়াৰ সজাগতা অনুষ্ঠান আৰু নিশালৈ আয়োজিত হ’ব মাজুলীৰ কণমানি কণ্ঠশিল্পী তুলিকা শইকীয়াৰ সাংগীতিক অনুষ্ঠান৷ ১১ জানুৱাৰীত ঢ়কুৱাখনা গ্রন্থমেলাৰ অন্ত পৰিব৷

You might also like