সংস্কৃতি বিনষ্ট কৰিবলৈ একাংশই অপচেষ্টা কৰি আহিছে
নগাবাটত তিতাবৰ জিলা শাখা অধিৱেশনৰ সামৰণী অনুষ্ঠানত পদাধিকাৰ কমলাকান্ত গগৈ
নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ অসমীয়া সংস্কৃতি বিনষ্ট কৰিবলৈ একাংশ লোকে সদায় অপচেষ্টা কৰি আহিছে৷ অক্টোপাছৰ দৰে অসমীয়া জাতিক গাঢ় কৰিবলৈ চিন্তা–চর্চা কৰিছে৷ এনে মুহূর্তত এই অক্টোপাছৰ পৰা ৰক্ষা পাবলৈ একমাত্র উপায় হৈছে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আদর্শ গ্রহণ কৰা৷’– এই মন্তব্য শ্রীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ৷ তিতাবৰ মহকুমাৰ নগাবাটত অনুষ্ঠিত হৈ থকা শ্রীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাৰ সপ্তদশ বার্ষিক অধিৱেশনৰ মুকলি সভাত দেওবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংঘৰ পদাধিকাৰগৰাকীয়ে আৰু কয় যে শ্রীমন্ত শংকৰদেৱ সংঘই আজিলৈকে কাকো বিশ্বাসঘাতকতা কৰা নাই৷ একমাত্র অসমীয়া জাতি, ভাষা, কৃষ্টি–সংস্কৃতি, ভূমি ৰক্ষা কৰি বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰিবৰ কাৰণেই শংকৰদেৱ সংঘই বিপ্লৱ অব্যাহত ৰাখিছে৷ তেওঁ সকলো ৰাইজ আৰু অসমৰ বিভিন্ন জাতীয় দল–সংগঠনক সহযোগ কৰাৰ লগতে মহাপুৰুষজনৰ অৱদানখিনি জীয়াই ৰখাৰ ক্ষেত্রত চিন্তা–চর্চা কৰিবলৈ অধিৱেশনৰ মঞ্চৰ পৰাই আহ্বান জনায়৷ সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি ত্রৈলোক্য দেৱ শইকীয়াৰ সভাপতিত্বত আৰু সম্পাদক লক্ষ্যজিৎ হাজৰিকাই আঁত ধৰা মুকলি সভাখনৰ উদ্বোধন কৰে জিলা শাখাৰ প্রাক্তন উপ–সভাপতি ৰেৱকান্ত বৰুৱাই৷ সভাত নির্দিষ্ট বক্তা হিচাপে দেৰগাঁৱৰ শংকৰী সংগীত বিদ্যালয়ৰ অধ্যক্ষ প্রাঞ্জল প্রতিম হাজৰিকা আৰু বিশিষ্ট অতিথি হিচাপে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ডে সাৱলীল বক্তব্য আগবঢ়ায়৷ শিশুবক্তা হিচাপে কাকডোঙা সীমান্তৱর্তী আঞ্চলিক শাখাৰ নাচাৰাণী গগৈয়ে ভাষণ প্রদান কৰা সভাখনত আমন্ত্রিত অতিথি হিচাপে শংকৰ–মাধৱ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্রধান শিক্ষক বিনন্দ গগৈ, আৰক্ষী বিষয়া গোপাল দলে, সন্মানীয় অতিথি হিচাপে তিতাবৰ জিলা শাখাৰ উপদেষ্টা হলিৰাম বৰা, প্রাক্তন শৰণ সদস্য মহেন্দ্র নাথ শইকীয়া, কেন্দ্রীয় শিশু–আই–মাতৃ কল্যাণ শাখা সমিতিৰ প্রাক্তন সদস্যা কুন্তি বৰা আদিয়ে অংশগ্রহণ কৰে৷ সভাতে নাগাজাংকা বাহনি আঞ্চলিক শাখাৰ ৰত্নেশ্বৰ নেওগক প্রয়াত পপিন হাজৰিকা সোঁৱৰণত ‘মাধৱদেৱ বঁটা’ প্রদান কৰে৷ বঁটাত দহ হাজাৰ টকাৰ লগতে সঁফুৰা, বস্ত্র আৰু সম্বর্ধনা–পত্র প্রদান কৰে৷ উল্লেখ্য যে দেওবাৰে পুৱাতে কেইবাশতাধিক ভক্তপ্রাণ ৰাইজৰ অংশগ্রহণেৰে এক ভাগৱতসহ সাংস্কৃতিক শোভাযাত্রা উলিয়ায়৷ কাকডোঙা সীমান্তৱর্তী আঞ্চলিক শাখা নামঘৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্রা পানীখেতি আৰু ক’লাজান হৈ অন্নপূর্ণা গাঁৱৰ মাজেৰে পুৰণ আঞ্চলিক নামঘৰত শেষ হয়৷ যথেষ্টসংখ্যক ভক্তপ্রাণ ৰাইজৰ সমাগমেৰে উদুলি–মুদুলি হৈ পৰা অধিৱেশনৰ তিনিদিনীয়া কার্যসূচীৰ আজি সফল সামৰণি পৰে৷ আদৰণী সমিতিৰ কার্যকৰী সভাপতি ৰোহিণী গগৈয়ে সংবাদ মাধ্যমৰ যোগেদিয়েই তিনিদিনীয়া অধিৱেশনখন সাফল্যমণ্ডিত কৰিবলৈ সম্পূর্ণৰূপে সহায়–সহযোগ কৰা কাকডোঙা সীমান্তৱর্তী আঞ্চলিক শাখাৰ অন্তর্গত আটাইকেইখন প্রাথমিক শাখাৰ সকলো সদস্যকে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷