নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্থাপনহীতাৰ বাবেই আলফালৈ গৈছে একাংশ যুৱক–যুৱতীঃ অনুপ চেতিয়া

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিলঃ অসম–ভাৰতৰ সংঘাত কোনো আইন–শৃংখলাজনিত বিষয় নহয়৷ এটা জাতিৰ হেৰুওৱা স্বাধীনতা পুনৰুদ্ধাৰৰ একমাত্র বিকল্প আলফা (স্বাধীন) বুলি বিবেচনা কৰি ইয়াৰ লক্ষ্য–উদ্দেশ্যৰ প্রতি আকৃষ্ট কেৱল নৱপ্রজন্মই হোৱা নাই৷ অসমৰ ভিন্ন প্রান্তৰ যুৱক–যুৱতী, বিবাহিত পুৰুষ–মহিলা, ৪০ ঊর্ধ্বৰ ব্যক্তিয়েও এতিয়া আলফা (স্বাধীন)লৈ ঢাপলি মেলিছে৷ –এই মন্তব্য আলফা (স্বাধীন)ৰ৷

আলফা (স্বাধীন)ৰ প্রচাৰ বিভাগৰ সদস্য কেপ্টেইন ৰুমেল অসমে এক বিবৃতিত কয় যে ইয়াৰ বাবে অসমৰ গৃহ বিভাগৰ লগতে অসম আৰক্ষী শংকিত হৈ ভিন্ন প্রান্তৰ নিৰীহ যুৱকক আলফা (স্বাধীন)ৰ যোগাযোগকাৰীৰ মিছা প্রলেপ সানি, ভুৱা এনকাউণ্টাৰ কৰি এই গতি ৰুদ্ধ কৰিব বিচাৰিছে৷ আৰক্ষীয়ে নিজৰ ব্যর্থতাৰ দায় সাৰিবলৈ পৰিকল্পিতভাৱে ৰচনা কৰা এনে কৌশলক মানসিক ৰোগী হিচাপে বিবেচনা কৰে বুলি উল্লেখ কৰে৷ এই সম্পর্কত বিবৃতিটোত কয় যে যোৱা ৯ এপ্রিলৰ সন্ধিয়া ডিব্রুগড়ৰ মৰাণ আৰক্ষী থানাৰ নির্দেশমর্মে বামুণবাৰী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াজনে টিংখাং থানাৰ অন্তর্গত লেঙেৰিৰ ২নং কুলি গাঁৱৰ নিৰীহ যুৱক ভার্গৱ গগৈক মাতি নি পাছত ডিব্রুগড় সদৰ আৰক্ষী থানালৈ লৈ যায়৷ ডিব্রুগড় সদৰ থানাত ওৰেনিশা জেৰা চলোৱাৰ লগতে ১০ এপ্রিলৰ দিনটো জেৰা অব্যাহত ৰাখিও আলফা (স্বাধীন)ৰ সৈতে যোগাযোগ থকাৰ কোনো প্রমাণ নাপালে৷ তৎসত্ত্বেও ডিব্রুগড় সদৰ আৰক্ষীয়ে ডিব্রুগড় আৰু শিৱসাগৰৰ পাঁচজন যুৱকক আলফা (স্বাধীন)লৈ প্রেৰণ কৰা বুলি ভিত্তিহীন গোচৰত গ্রেপ্তাৰ কৰে৷

বিবৃতিটোত ভার্গৱ গগৈয়ে সংগঠনলৈ কোনো যুৱক প্রেৰণ কৰা নাই আৰু সংগঠনৰ কোনোধৰণৰ কার্যকলাপৰ সৈতে তেওঁৰ সম্পর্ক নাই বুলি স্পষ্ট কৰি দি কয় যে সঁচাকৈয়ে যদি ভার্গৱ গগৈয়ে সংগঠনলৈ কোনো যুৱকক প্রেৰণ কৰিছে, তেন্তে অসম আৰক্ষীয়ে তাৰ প্রমাণ সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰক৷ ভার্গৱ গগৈ সংগঠনৰ এগৰাকী বিষয়াৰ পৰিয়ালৰ সদস্য হোৱাৰ বাবেই অসম আৰক্ষীয়ে তেওঁক লক্ষ্য কৰি লোৱাৰ গুৰুতৰ অভিযোগ কৰে৷

ইপিনে, আলফা (স্বাধীন)ত নতুন সদস্যভর্তি সম্পর্কত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে আলফা সংগঠন থকালৈকে, সংগ্রাম থকালৈকে নতুন সদস্যভর্তি হ’বই৷ আলফা (স্বাধীন)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱায়ো কৈছে তেওঁলোক আলোচনা প্রক্রিয়ালৈ আহিব বিচাৰে৷ অৱশ্যে সেইটো তেওঁলোকৰ কৌশলো হ’ব পাৰে, আমি জ্ঞাত নহয়৷ তেওঁ আৰু কয় যে আলফাৰে আলোচনা বিলম্ব হোৱাৰ বাবেও একাংশ যুৱক–যুৱতী আলফা (স্বাধীন)লৈ গুচি গৈছে৷ সেইদৰে অর্থনৈতিক দুৰৱস্থা বিশেষকৈ গ্রামাঞ্চলৰ ৰাইজৰ জীৱনযাত্রা কঠিন হৈ পৰিছে৷ সংস্থাপনৰ পথ নেদেখি একাংশ যুৱক–যুৱতী বিপ্লৱৰ পথত গুচি গৈছে বুলিও তেওঁ মন্তব্য কৰে৷

You might also like