নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্তানৰ শিক্ষাৰ কাৰণে পিতৃ–মাতৃয়ে অলপ সময় দিব লাগে

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ শিশুসকলক শিক্ষা দিয়াৰ এটা ডাঙৰ অস্ত্র হৈছে সাধুকথা৷ অভিভাৱকসকলে নিজৰ সন্তানৰ লগতে ওচৰ–চুবুৰীয়াৰ সন্তানকো নিজ নিজ মাতৃভাষাৰ জ্ঞান দিয়াৰ লগতে অসমীয়া ভাষাৰ কিতাপ আদি অধ্যয়ন কৰিবলৈ দিব লাগে, লগতে নিজ নিজ সন্তানৰ শিক্ষাৰ কাৰণে অলপ সময় দিব লাগে৷’ –এই মন্তব্য অসম সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি কুলধৰ শইকীয়াৰ৷ উল্লেখ্য যে দেওবাৰে হোজাই জিলা সাহিত্য সভাৰ প্রথম পূর্ণাংগ অধিৱেশনখনৰ সামৰণী অনুষ্ঠানৰ মুকলি সভাত সাহিত্য সভাৰ সভাপতিৰ লগতে প্রধান সম্পাদক যাদৱ শর্মা আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷ হোজাই সাহিত্য সভাৰ ড০ বাণীকান্ত কাকতি ক্ষেত্রৰ ৰূপকোঁৱৰ কলা ভৱন প্রাংগণত কালি দিনৰ ভাগত কুঁহি আৰু ৰামধেনু অনুষ্ঠানৰ উপৰি মহিলাসকলৰ মাজত আইনাম আৰু বিয়ানামৰ প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে হোজাই গার্লছ কলেজত প্রতিনিধি সভা অনুষ্ঠিত হয়৷ প্রথম দিনাৰ বিস্তৃত কার্যসূচীৰ অন্তত দেওবাৰে পুৱা জিলাৰ প্রথম সভাপতি ড০ সাৰদানন্দ দেৱগোস্বামীয়ে পতাকা উত্তোলনেৰে  কার্যসূচী মুকলি কৰে৷ দিনৰ ১১ বজাত অধিৱেশনৰ মুকলি সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি পদ্মশ্রী ৰংবং তেৰাঙে আৰু মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ নৱনির্বাচিত সভাপতি কুলধৰ শইকীয়া৷ সভাত সাহিত্য সভাৰ নৱনির্বাচিত প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়৷ সভাৰ আৰম্ভণিতে হোজাই চহৰৰ পৰা সাংস্কৃতিক শোভাযাত্রাৰে আদৰি আনি সাহিত্য সভা ভৱনৰ মূল তোৰণত হোজাই জিলাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনসমূহে গামোচা, জাপি, ফুলৰ থোপা আদিৰে নৱনির্বাচিত সভাপতি শইকীয়া আৰু প্রধান সম্পাদক যাদৱ শর্মাক উষ্ম আদৰণি জনায়৷ বিয়লি ২ বজাত বঁটা প্রদান অনুষ্ঠানত হোজাই জিলা সাহিত্য সভাৰ ২০১৮–২০২০ বর্ষৰ শ্রেষ্ঠ বঁটাসমূহ আগবঢ়োৱা হয়৷ দুলাল চন্দ্র শর্মা প্রজ্ঞা বঁটা পদ্মশ্রী ৰংবং তেৰাং, পণ্ডিত জীৱনৰাম বর্মন সাধনা বঁটা সিদ্ধার্থ শংকৰ বেজবৰুৱা, সাহিত্যকর্মী প্রেৰণা বঁটা যোগেন দত্ত, সাংস্কৃতিক প্রেৰণা বঁটা পদ্মিনী দাউলাণ্ডফু, সামাজিক প্রেৰণা বঁটা সুজিত সোম, কার্যকালৰ শ্রেষ্ঠ সংগঠক বঁটা প্রতাপ বৰুৱা, অনুপ্রেৰণামূলক শাখা বঁটা লংকা আঞ্চলিক শাখা সাহিত্য সভাক প্রদান কৰা হয়৷ এই সভাতে কবি, সু–লেখিকা কল্পনা দেৱী গোস্বামীৰ ‘সৰাপাতৰ উচুপনি’, ‘অমিয়া মধুৰী’ নামৰ দুখন গ্রন্থৰ লগতে কবি পদ্মিনী শীলৰ কবিতা পুথি ‘নৰাৰ পেঁপাৰ মাতত’ আৰু চন্দনা ডেকাৰ নাট সংকলন ‘শংখনাদ’ গ্রন্থ উন্মোচন কৰে সভাৰ সভাপতি শইকীয়াই৷ হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে আঁত ধৰা সভাখনত জিলা সাহিত্য সভাৰ বিদায়ী সভাপতি ড০ সাৰদানন্দ দেৱগোস্বামীয়ে আজি হোজাই জিলা সাহিত্য সভাৰ নতুন সভাপতি গুণেশ্বৰ শইকীয়াক আনুষ্ঠানিকভাৱে দায়িত্ব অর্পণ কৰে৷ সভাত আইনাম, বিয়ানামৰ বিজয়ীসকলক বঁটা প্রদান কৰা হয়৷

You might also like