সপ্তম মানৰ পাঠ্যপুথিৰ পৰা আঁতৰালে প্রতিমা বৰুৱা
নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ শিক্ষা (প্রাথমিক) বিভাগৰ সপ্তম শ্রেণীৰ অসমীয়া বিষয়ৰ পাঠ্যপুথিত গোৱালপাৰীয়া লোকসংগীতৰ সম্রাজ্ঞী প্রতিমা বৰুৱা পাণ্ডেৰ জীৱনীমূলক লেখাটোৱে স্থান নোপোৱাত স্থানীয় একাংশ মহলসহ শিল্পীগৰাকীৰ গৌৰীপুৰস্থিত ৰাজপৰিয়ালে অসন্তুষ্টি প্রকাশ কৰিছে৷ উল্লেখ্য যে শিক্ষা বিভাগে সপ্তম শ্রেণীৰ অসমীয়া বিষয়টোৰ বাবে এইবেলি পূর্বৰ ‘নতুন পাঠ’ নামৰ পাঠ্যপুথিখন সলনি কৰি ‘অংকুৰণ’ নামৰ নতুন পাঠ্যপুথি প্রৱর্তন কৰিছে৷ কিন্তু পূর্বৰ পাঠ্যপুথিখনৰ ১৩১ পৃষ্ঠাৰ পৰা ১৩৫ নম্বৰ পৃষ্ঠালৈকে প্রয়াত লোকশিল্পীগৰাকীৰ জীৱনীমূলক ‘কণ্ঠে কণ্ঠে’ পাঠটো নতুন পাঠ্যপুথিখনত নাই৷ ইয়াকে লৈ স্থানীয় বিভিন্ন মহলৰ লগতে প্রয়াত প্রতিমা বৰুৱা পাণ্ডেৰ ভাতৃ আৰু গৌৰীপুৰৰ ৰাজপৰিয়ালৰ অন্যান্য সদস্যৰ মাজতো বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে৷ ভাতৃ প্রবীৰ বৰুৱাই প্রতিমা বৰুৱা পাণ্ডেৰ জীৱনীমূলক পাঠটোৱে অসমৰ নৱপ্রজন্মৰ মাজত গোৱালপাৰীয়া লোকগীত তথা শিল্পীগৰাকীৰ বিষয়ে সম্যক ধাৰণা দিয়াত অৰিহণা যোগাইছিল বুলি মন্তব্য কৰি ‘নিয়মীয়া বার্তা’ক কয়– ‘এয়া ইচ্ছাকৃত নে অনিচ্ছাকৃত সেয়া নাজানো৷ কিন্তু এয়া দুর্ভাগ্যজনক৷ প্রতিমা বাইদেউৰ সৃষ্টিৰাজিয়ে কেৱল গোৱালপাৰীয়া লোকসংস্কৃতিয়েই নহয়, অসমৰ লোককৃষ্টিৰ ভঁৰালো টনকিয়াল কৰিছে৷ ৰজাঘৰৰ এনে ধৰণৰ সিদ্ধান্তৰ বাবেই নামনি অসম তথা মূলতঃ পুৰণি গোৱালপাৰা জিলাৰ গোৱালপাৰীয়া সমাজে নিজকে অৱহেলিত বুলি ভাবিবলৈ বাধ্য হৈছে৷’