নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমষ্টি পুনৰ নির্ধাৰণৰ বিৰুদ্ধে সৰৱ আজমল

সৰুক্ষেত্রীত কংগ্রেছ নেতা–কর্মীৰ ইউডিএফত যোগদান

নিয়মীয়া বাৰ্তা, ৮মার্চঃ সৰুক্ষেত্রী সমষ্টিৰ কয়াকুছিত আজি এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু সৰুক্ষেত্রী সমষ্টি কমিটীৰ সহযোগত অনুষ্ঠিত এখন জনসভাত মীনাক্ষি ৰহমান নামৰ এগৰাকী যুৱ নেত্রীয়ে এ আই ইউ ডি এফত যোগদান কৰে৷ বিধায়ক জাকিৰ হুছেইনৰ দুর্গত খহনীয়াৰ সৃষ্টি কৰি সৰুক্ষেত্রী সমষ্টিৰ কংগ্রেছ নেতা আমজাদ হুছেইন, পাকা বেতবাৰী ব্লক কংগ্রেছৰ সভাপতি দিলোৱাৰ হুছেইন, কংগ্রেছ দলৰ প্রাক্তন গাঁও পঞ্চায়তৰ সভাপতি শ্বহিদুল ইছলাম ভূঞা, কংগ্রেছ দলৰ প্রাক্তন আঞ্চলিক পঞ্চায়তৰ উপ–সভাপতি আনোৱাৰ হুছেইন, কংগ্রেছ দলৰ প্রাক্তন আঞ্চলিক পঞ্চায়তৰ সভাপতি আজাহাৰ আলী আহমেদ, পাকা বেতবাৰী ব্লক মহিলা কংগ্রেছৰ প্রাক্তন সভানেত্রী মালেকা আহমেদকে ধৰি কেইবাগৰাকীও নেতাৰ সৈতে বহুসংখ্যক কংগ্রেছ কর্মী আৰু সমর্থকে মীনাক্ষি ৰহমানৰ নেতৃত্বত এ আই ইউ ডি এফত যোগদান কৰে৷ জনসভাখনত অংশগ্রহণ কৰি ভাষণ প্রসংগত আজমলে এবছৰৰ ভিতৰত কংগ্রেছৰ ডাব্বা খালী হ’ব বুলি মত পোষণ কৰে৷ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ বিষয়টো চর্চিত হৈ থকাৰ সময়তে আজমলৰ এনে মন্তব্যই বিশেষ গুৰুত্ব বহন কৰিছে৷ ইপিনে বিজেপিক অসম নহয় ভাৰতৰ পৰা বিদায় দিব লাগিব বুলিও মন্তব্য কৰে আজমলে৷ বিজেপিয়ে অনা সাম্প্রদায়িক ৰাজনীতি বন্ধ কৰিব বুলিও লাগিব বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে দেশত চলি থকা ‘কা’বিৰোধী আন্দোলনৰ বিষয়টো সহজ নহয় আৰু ইমান সোনকালে শেষ নহয় বুলিও তেওঁ মন্তব্য কৰে৷ ইপিনে ৰাজ্যসভাৰ নির্বাচনত কংগ্রেছৰ স’তে উমৈহতীয়া প্রার্থী দিয়া হ’ব বুলিও আজমলে আজি নিশ্চিত কৰে৷ অৱশ্যে প্রার্থীজন অৰাজনৈতিক হ’ব বুলিও মন্তব্য কৰি প্রার্থিত্বৰ বাবে নিতৌ অসংখ্যজনে ফোন কৰি থকাৰ কথা ব্যক্ত কৰে আজমলে৷ ইপিনে সমষ্টি পুনৰ নির্ধাৰণক লৈয়ো মন্তব্য কৰে আজমলে৷ সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে মুছলমান সম্প্রদায়ক শেষ কৰিব বিচৰা হৈছে বুলি আজমলে অভিযোগ কৰে৷ সেয়ে সমষ্টি পুনৰ নির্ধাৰণৰ বিৰুদ্ধে এ আই ইউ ডি এফে উচ্চতম ন্যায়ালয়লৈ যাব বুলিও ঘোষণা কৰে আজমলে৷ সমষ্টি নির্ধাৰণ সম্পর্কত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ বহু জ্যেষ্ঠ অধিবক্তাৰ সৈতে আলোচনা কৰি পৰামর্শ গ্রহণ কৰি থকা হৈছে বুলিও মন্তব্য কৰে৷ সমষ্টি পুনৰ নির্ধাৰণৰ বিৰুদ্ধে প্রয়োজনবোধে ৰাজপথ, ন্যায়ালয় সকলোতে এ আই ইউ ডি এফে যুঁজ দিব বুলিও প্রকাশ কৰে৷ মুছলমানক বঞ্চিত কৰাৰ বাবেই বহু সমষ্টি সংৰক্ষিত কৰাৰ বাবেই সমষ্টি পুনৰ নির্ধাৰণৰ বিৰোধিতা কৰা বুলি মন্তব্য কৰে আজমলে৷ আনহাতে বিটিএডি নির্বাচনত এ আই ইউ ডি এফে ১৫টা সমষ্টিত নির্বাচনত অংশগ্রহণ কৰিব বুলি প্রকাশ কৰে এআইইউডিএফ নেতা আমিনুল ইছলামে

You might also like