নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূর্ণৰূপে আদায় পাব মে’মাহৰ দৰমহা

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যিক কর্মচাৰীসকলৰ বাবে সুখবৰ৷ চলিত মে’ মাহৰ দৰমহা–পেন্সনো ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে সম্পূর্ণৰূপে আদায় পাব৷ টুইটাৰযোগে ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰিছে৷ টুইটাৰত মন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰে ৰাজ্যিক কর্মচাৰীসকলক মে’ মাহৰ দৰমহা আৰু পেন্সন সম্পূর্ণৰূপে আদায় দিয়াৰ সিদ্ধান্ত লৈছে৷ কেন্দ্রীয় চৰকাৰে বিকেন্দ্রীকৃত অনুদান দিয়াৰ বাবেই এয়া সম্ভৱ হৈ উঠিছে৷ এনে সহায়ৰ বাবে মন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণক কৃতজ্ঞতা জ্ঞাপন কৰে৷ টুইটাৰত মন্ত্রী ড০ শর্মাই ৰাজ্যৰ নিজস্ব ৰাজহো ক্রমাৎ বৃদ্ধি হ’ব ধৰিছে বুলি উল্লেখ কৰে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে দেশজুৰি বলৱৎ হৈ থকা লকডাউনৰ বাবে সমগ্র দেশৰ লগতে অসমতো অর্থনৈতিক দিশত বিস্তৰ ক্ষতি হয়৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ নিজস্ব উৎসৰ ৰাজহ সংগ্রহো অভাৱনীয় ৰূপত হ্রাস পায়৷ তেনে প্রতিকূল পৰিস্থিতিৰ মাজতো ৰাজ্য চৰকাৰে যোৱা মার্চ আৰু এপ্রিল মাহৰ দৰমহা–পেন্সন সম্পূর্ণৰূপে আদায় দিয়ে৷ সেই সময়তে বিত্তমন্ত্রী ড০ শর্মাই ইতিপূর্বে সংবাদ মাধ্যমৰ আগত ৰাজ্যিক কর্মচাৰীক মে’ মাহৰ দৰমহা দিয়াৰ কিছু জটিলতা আহিব বুলি আশংকা ব্যক্ত কৰিছিল৷ কিন্তু তৃতীয় পর্যায়ৰ লকডাউনত কিছু শিথিলতা অহাৰ লগে লগে ৰাজ্যৰ নিজ উৎসৰ ৰাজহ সংগ্রহ বৃদ্ধি পোৱাৰ উপৰি কেন্দ্রীয় চৰকাৰে বিকেন্দ্রীকৃত অনুদান আগবঢ়োৱাত অসম চৰকাৰে কর্মচাৰীৰ দৰমহা–পেন্সনৰ চিন্তাৰ পৰা মুক্তি পায়৷ ইয়াৰ পৰিপ্রেক্ষিতত মন্ত্রী ড০ শর্মাই আজি টুইটাৰযোগে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলক মে’ মাহৰ দৰমহা, পেন্সন সম্পূর্ণৰূপে আদায় দিব বুলি ঘোষণা কৰে৷

You might also like