নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পূৰ্ণ বিনামূলীয়া হ’ব আন্তঃজিলা যাতায়াতঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ২৪ এপ্ৰিলঃ লক ডাউনৰ সময়ত বন্ধ হৈ থকা আন্তঃজিলা যাতায়াত ২৫, ২৬ আৰু ২৭ এপ্ৰিলত শিথিল কৰি দিয়া হৈছে। ব্যক্তিগত বাহন নথকা ৰাজ্যৰ ভিন্ন জিলাত আবদ্ধ প্ৰায় ৫০হাজাৰ লোকে ১০৪নম্বৰত পঞ্জীয়ন কৰিছে। ইয়াৰে ১৫হাজাৰ লোক শনিবাৰে যাব পাৰিব গন্তব্য স্থানলৈ যাব পাৰিব। তেওঁলোকে আজি বিয়লিলৈ মেছেজ যোগে লাভ কৰিব বাছ নম্বৰ। আনহাতে ASTCৰ যোগেদি যাবলগীয়া লোকসকলৰ সুবিধাৰ্থে ১০০খন অ’লা-ওবেৰ আৰু ৩০খন চিটীবাছৰ ব্যৱস্থা কৰা হৈছে। সংবাদমেলত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে ব্যক্তিগত বাহনৰ দ্বাৰা যাবলগীয়া লোকসকলে জিলা উপায়ুক্তৰ পৰা ল’ব পাৰিব ই-পাছ। জিলা উপায়ুক্তসকলে ৫১,৪০২খন আৱেদন পাইছে আৰু ইয়াৰে ১২,২০৬খন ই-পাছ শনিবাৰৰ বাবে মুকলি কৰা হৈছে । যাত্ৰাৰ সময়ছোৱাত সকলো যাত্ৰীয়ে মানি চলিব লাগিব সামাজিক দূৰত্ব। মাস্ক পৰিধান কৰাৰ লগতে পৰিবহন বিভাগে ঠিক কৰা নিৰ্দিষ্ট আস্থানতহে উঠা-নমা কৰিব পাৰিব।

You might also like