নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ কিছুদিন ধৰি অসুস্থ হৈ থকা জ্যেষ্ঠ সাংবাদিক পদ্মেশ্বৰ চিত্ৰকৰক সাংবাদিক চিকিৎসা কল্যাণ নিধিৰ অধীনত শনিবাৰে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ উদ্যোগত দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ থকা নিউজ টাইম অসমৰ জ্যেষ্ঠ সাংবাদিকগৰাকীক এই ধনৰাশি প্ৰদান কৰা হয় । তথ্য আৰু জনসংযোগৰ কাৰ্যালয়ত সঞ্চালক অনুপম চৌধুৰীৰ পৰা এই চেক চিকিৎসাধীন সাংবাদিকগৰাকীৰ সহকৰ্মীয়ে গ্ৰহণ কৰে ।
আনহাতে , শিৱসাগৰ জিলাৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিক আমাৰ অসম বাতৰি কাকতত কৰ্মৰত মনোজ কুমাৰ গগৈৰ বাবেও এই আঁচনিৰ অধীনত ২৫ হাজাৰ টকাৰ অনুমোদন জনোৱা হৈছে । উল্লেখ্য যে, গুৰুতৰভাৱে অসুস্থ সাংবাদিকগৰাকী শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন হৈ আছে ।