নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাধাৰণ জ্বৰত আক্ৰান্তসকলৰো ছেম্পল টেষ্ট কৰা হ’বঃ স্বাস্থ্য মন্ত্ৰী

ৰাজ্যৰ ২৫ হাজাৰ গাঁৱলৈ যাব স্বাস্থ্য বিভাগৰ লোক,

নিয়মীয়া বাৰ্তা, ৭ মেঃ কভিড-১৯ আৰু সাধাৰণ জ্বৰ-কাহৰ লক্ষণসমূহ প্ৰায় একেই। গতিকে প্ৰশাসনৰ উদ্যোগত অসমৰ প্ৰতিখন গাঁৱলৈ যাব স্বাস্থ্য বিভাগৰ লোক। যি গাঁৱতে জ্বৰ-কাহত আক্ৰান্ত ৰোগী পোৱা যাব সেই লোকসকলৰো ছেম্পল টেষ্ট কৰা হ’ব বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

এমাহৰ ভিতৰত অসমৰ প্ৰায় ২৫হাজাৰ গাঁৱলৈ যাব স্বাস্থ্য বিভাগৰ লোক। ৰাজ্যখনক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবৰ বাবেই এই নতুন আঁচনি হাতত লৈছে ৰাজ্য চৰকাৰে। আনহাতে হোম কোৱাৰেণ্টাইনত থকা লোকসকলকো নিৰীক্ষণ কৰিব আশাকৰ্মী আৰু MPWৰ কৰ্মীসকলে।

You might also like