নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাময়িকভাৱে বন্ধ হ’ল কামাখ্যা দেৱালয়

নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ ক’ৰোনা ভাইৰাছৰ আতংকৰ পৰিপ্রেক্ষিতত সাময়িকভাৱে বন্ধ ৰখা হ’ব কামাখ্যা মন্দিৰ৷ আজি আনুষ্ঠানিকভাৱে মন্দিৰ পৰিচালনা সমিতিয়ে এই কথা ঘোষণা কৰিছে৷ উল্লেখ্য যে ইতিপূর্বে কামাখ্যা মন্দিৰত ৫০০ টকীয়া আৰু ৫০ টকীয়া টিকট দর্শনার্থীৰ বাবে বন্ধ ৰখা হৈছিল৷ আজিৰে পৰা কার্যকৰী হোৱাকৈ সকলো ধৰণৰ দর্শনার্থীৰ বাবে কামাখ্যা মন্দিৰ বন্ধ ৰখা হৈছে৷

You might also like