নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! আপোনাৰ ঘৰত মেকুৰী আছে নেকি, সংক্ৰমিত হ’ব পাৰে ক’ৰোনা

নিয়মীয়া বাৰ্তা, ১৫ মেঃ মেকুৰীৰ পৰাও সংক্ৰমিত হ’ব পাৰে ক’ৰোনা ভাইৰাছ আৰু আপুনি ধৰিব নোৱাৰিব কোনো লক্ষণ। ইংলেণ্ডৰ এখন জৰ্নেলত প্ৰকাশ পোৱা মতে এজন মানুহৰ পৰা আন এজন মানুহলৈ অতি শীঘ্ৰে সংক্ৰমিত হ’ব পাৰে ক’ৰোনা ভাইৰাছ। কিন্তু মেকুৰীক সংস্পৰ্শ কৰিলেও আপোনাৰ দেহলৈ আহিব পাৰে এই ভাইৰাছ হয়তু আপুনি গম নাপাব যে এই ভাইৰাছ সংক্ৰমিত হ’ল ক’ৰ পৰা আৰু নেদেখিব কোনোধৰণৰ লক্ষণ।

ইংলেণ্ডৰ এজন পশু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপকে তিনিটা মেকুৰীৰ ওপৰত কৰা পৰীক্ষাৰ পাছত পোহৰলৈ আহিছে এই তথ্য। মেকুৰী তিনিটাক আছুতীয়াকৈ ৰাখি SWABপৰীক্ষা কৰা হৈছিল আৰু তাৰে দুটা মেকুৰী ক’ৰোনা প’জিটিভ হিচাপে চিনাক্ত হয়। তেওঁ প্ৰকাশ কৰিছে যে কোনো ধৰণৰ লক্ষণ নেদেখুৱাকৈ ক’ৰোনাত আক্ৰান্ত হৈছে মেকুৰীকেইটা। গতিকে মেকুৰী সঘনে নুচুবলৈ আহ্বান জনাইছে। লগতে পোহনীয়া জন্তু ঘৰৰ পৰা উলিয়াই নিয়াত বাধা প্ৰদান কৰিছে।

You might also like