নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সেনাৰ পোছাকত অহা অস্ত্রধাৰী দলঃ নামতোলা থানাৰ অ’চিক প্রহাৰ

নিয়মীয়া বাৰ্তা, ১৪ জুলাইঃ চৰাইদেউ জিলাৰ অসম–নাগালেণ্ড সীমান্তৱর্তী অতিশয় স্পর্শকাতৰ অঞ্চল নামতোলা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীক  কালি জিলাখনত তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে, সীমান্তৱর্তী আৰক্ষী থানাখনত নিয়োজিত হৈ থকা ভাৰপ্রাপ্ত আৰক্ষী বিষয়া গুণেশ্বৰ কুমাৰে (৫৯)আৰক্ষীৰ দল এটা লগত লৈ বিভাগীয় নির্দেশনা অনুযায়ী আৰক্ষী থানাখনৰ সন্মুখতে থকা দুই ৰাজ্য সংযোগী সদৰ পথটোত পূর্বৰ দৰেই তালাচী অভিযান চলাই আছিল৷ বিয়লি এখন বাহনত দুজন যুৱকক গাডীত বহুৱাই সেনাৰ পোছাকত নাগালেণ্ডৰ পৰা অসমৰ দিশে অহা এখন বাহন ৰখাই তালাচী চলাবলৈ গৈ আৰক্ষী বিষয়াগৰাকীয়ে বাহনখনত সেনাৰ পোছাকত অহা অস্ত্রধাৰী দল এটা দেখা পায়৷ আৰক্ষী বিষয়াগৰাকীয়ে আইন–শৃংখলাজনিত কাৰণৰ বাবে সেনা দলটোৰ পৰিচয় জানিব বিচাৰে৷ ইয়াতে খর্গহস্ত হৈ পৰা সেনা দলটোৰ তিনি বিষয়া – জোৱানে আৰক্ষী বিষয়া কুমাৰক উপর্যুপৰি প্রহাৰ কৰি গুৰুতৰ ৰূপত আহত কৰে৷ হূদৰোগত আক্রান্ত হৈ অলপতে পেছমেকাৰ লগাই অহা তথা চাকৰি জীৱন শেষ হ’বলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা প্রহূত হোৱা আৰক্ষী বিষয়া কুমাৰে ততালিকে সমগ্র বিষয় সন্দর্ভত জিলাখনৰ শীর্ষ আৰক্ষী বিষয়াবর্গক অৱগত কৰে৷

সেই অনুসৰি আৰক্ষীৰ এটা বৃহৎ দলসহ জিলাখনৰ শীর্ষ আৰক্ষী বিষয়াবর্গ ঘটনাস্থলীত উপস্থিত হৈ সেনাৰ দলটোক সোণাৰি আৰক্ষী থানালৈ লৈ আহে৷ পৰৱর্তী সময়ত নামতোলা আৰক্ষী থানাত ৰুজু হোৱা গোচৰ নং ৩৬/২০ৰ আধাৰত ভাৰতীয় দণ্ডবিধিৰ ৩৫৩/৩৪১/৩৯৫/৩২৫/২৯৪/৫০৬/৩৯১ ধাৰাৰ অধীনত সেনা দলটোৰ লেফটেনেণ্ট কর্নেল আদিত্য ঘাটাগ, কেপ্ঢেইন শচীন ভি আৰু টেৰিটৰিয়েল আর্মীৰ পাখুৰ ত্যাগী নামৰ অভিযুক্ত তিনি সেনা বিষয়াৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

উল্লেখ্য যে অভিযুক্ত সেনা বাহিনীৰ দলটো ২১ পেৰা ৰেজিমেণ্টৰ আৰু দলটোৱে নাগালেণ্ডৰ টিজিটত বাহৰ পাতি আছিল৷ মন কৰিবলগীয়া এয়ে যে শেহতীয়াকৈ অৰুণাচলৰ লংডিং জিলাত সেনাৰ হাতত এন এছ চি এনৰ কেইবাগৰাকী সশস্ত্র সদস্য নিহত হোৱা, আন্তঃৰাজ্যিক গাডী চুৰি চক্রক নজৰত ৰখাৰ লগতে ক’ভিড–১৯ ৰোগৰ পৰিপ্রেক্ষিতত যিকোনো লোকৰ আহ–যাহ সীমান্তৱর্তী অঞ্চলত নিৰীক্ষণ কৰাৰ লগতে অসম–নাগালেণ্ড সীমান্তৱর্তী নামতোলাত অসম আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা সষ্টম কৰি তোলা হৈছিল৷ সম্প্রতি প্রহূত আৰক্ষী বিষয়াগৰাকীক সোণাৰিত প্রাথমিক চিকিৎসা প্রদানৰ অন্তত উন্নত চিকিৎসাৰ বাবে ডিব্রুগড়লৈ প্রেৰণ কৰা হয়৷

You might also like