নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ মহানগৰীৰ নিকটৱর্তী সোণাপুৰৰ নাজিৰাখাট অঞ্চলৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত টোলগেট স্থাপন কৰিব বিচৰাৰ তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে সোমবাৰে ৫ সংগঠনে প্রতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে ৰাজহ সংগ্রহ কৰাৰ বাবে ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ নাজিৰাখাট অঞ্চলত টোলগেট স্থাপনৰ ব্যৱস্থা গ্রহণ কৰিছে৷ বিজ্ঞানসন্মতভাৱে ৰাষ্ট্রীয় পথটো নির্মাণৰ কাম সম্পূর্ণ নোহোৱাকৈয়ে এই ৰাজহ সংগ্রহ কৰিব বিচৰা কার্যক কোনো কাৰণতে মানি নলয় বুলি স্পষ্ট কৰি দিয়ে স্থানীয় ৰাইজৰ লগতে ডিমৰীয়া জিলা ট্রাইবেল সংঘ, সদৌ তিৱা ছাত্র সন্থা, কার্বি ছাত্র সন্থা, নিখিল বড়ো ছাত্র সন্থা, বড়ো–কছাৰী যুৱ ছাত্র সন্থাই৷ সংগঠনকেইটাৰ দাবী নাজিৰাখাট যোগদল অঞ্চলটো এটা জনবসতিপূর্ণ অঞ্চল৷ এই অঞ্চলত স্থানীয় ৰাইজৰ বহু ব্যৱসায়িক প্রতিষ্ঠান আছে, টোলগেট স্থাপনৰ নিচেই কাষতে কেইবাটাও শিক্ষা প্রতিষ্ঠানৰ লগতে চিকিৎসা প্রতিষ্ঠান, সামৰিক ঘাটি আছে৷ টোলগেট স্থাপনৰ ফলত সৃষ্টি হোৱা যান–জঁটে শিক্ষা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱাসমূহত ব্যাঘাতৰ সৃষ্টি কৰিব৷ তদুপৰি খানাপাৰাৰ পৰা টোপাতলীলৈ ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ শোচনীয় অৱস্থা, পথৰ কেকুৰীসমূহ বিজ্ঞানসন্মত নহয়, টেলিফোন বুথ, এম্বুলেন্সৰ ব্যৱস্থা, বিভিন্ন স্থানত নাই জিৰণিচ’ৰা, খোৱাপানীৰ ব্যৱস্থা, শৌচালয়–স্নানাগাৰ আদিৰ কোনো ব্যৱস্থা হোৱা নাই৷ ইপিনে সমগ্র পথছোৱাত পর্যাপ্ত ছার্ভিচ ৰোড আৰু পথ সুৰক্ষাৰ বাবে ‘ৰিফ্রেক্টৰ’ৰ ব্যৱস্থা নথকা পথত টোলগেট স্থাপন কৰাটো অযুক্তিকৰ৷ টোলগেট স্থাপনৰ প্রাকমুহূর্তত স্থানীয় ৰাইজৰ লগত কোনো আলোচনা নকৰাকৈ বা স্থানীয় অভাৱ–ভিযোগৰ প্রতি কোনো গুৰুত্ব প্রদান নকৰাকৈ টোলগেট স্থাপন কৰিব বিচৰা কার্যৰ সংগঠনকেইটাই বিৰোধিতা কৰিছে৷ সংগঠনকেইটাৰ মতে সোণাপুৰ মহানগৰৰ ভিতৰত পৰে, তেনে ক্ষেত্রত টোলগেট স্থাপন কৰিব বিচৰাটো অবৈধ৷