নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ-GMCH-MMCHৰ চিকিৎসকসকলক কোৱাৰেণ্টাইন কৰা হ’বঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিলঃ GMCH-MMCH আৰু সোণাপুৰ চিকিৎসালয়ৰ চিকিৎসক সকলক ৭দিন কর্তব্য কৰাৰ পিছত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হ’ব বুলি সংবাদমেলত মন্তব্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহানগৰীৰ তাজ ভিভাণ্টাত কোৱাৰেণ্টাইন ৰখা হ’ব এই সকল চিকিৎসক তথা স্বাস্থ্য কৰ্মীক। পৰিস্কাৰ পৰিচ্চন্নতাৰ বাবে থকা কৰ্মীসকলকো কোৱাৰেণ্টাইন কৰা হ’ব।যিহেতু স্বাস্থ্য কৰ্মীসকলে সমুখভাগৰ পৰা আক্ৰান্ত লোকসকলক চিকিৎসা কৰি আহিছে সেয়ে সেইসকল লোকৰ বাবে কোৱাৰেণ্টাইন অতি প্ৰয়োজনীয় বুলিও মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।

You might also like