সোণাৰিত বাঘৰ আক্ৰমণত এজন আহত
নিয়মীয়া বাৰ্তা,১৫ এপ্ৰিল: বছৰৰ প্ৰথম দিনটোতেই আজি সোণাৰিৰ নাফুক চাহ বাগিচাত বাঘৰ আক্ৰমণত অকণ শ্ৰমিক গুৰুতৰ ভাবে আহত হয় । ঘটনাৰ বিৱৰণী মতে আজি দিনৰ প্ৰায় এঘাৰ বজাত বাগিচাখনৰ ৩ নং খণ্ডত বাগিচাখনৰ অস্থায়ী শ্ৰমিক ৰঘু নায়ক (৪০) য়ে আন এজন শ্ৰমিকৰ সৈতে গৈ থকা অৱস্থাত উক্ত স্থানত হঠাৎ আবিৰ্ভাৱ হোৱা এটা প্রকাণ্ড নাহৰফুটুকী বাঘে ৰঘুক আক্ৰমণ কৰে । পাছত দুয়োয়ে চিঞৰ-বাখৰ কৰাত বাঘটো পলাই যায় যদিও আক্ৰমণত মুৰ বুকুত গুৰুতৰ ভাৱে আঘাত পোৱা শ্ৰমিকজনক লগে লগে আন আন শ্ৰমিকসকলৰ সহযোগিতাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় ।