সোমবাৰৰ পৰা চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব ৫০% কৰ্মচাৰীঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৩ মেঃ সোমবাৰৰ পৰা ৰাজ্যৰ চৰকাৰী কাৰ্যালয়ত উপস্থিত থাকিব লাগিব ৫০ শতাংশ কৰ্মচাৰী। পূৰ্বতে ৩৩ শতাংশ কৰ্মচাৰীৰে খুলিছিল চৰকাৰী কাৰ্যালয়। ব্যক্তিগতখণ্ডৰ কাৰ্যালয়সমূহো ৫০ শতাংশ কৰ্মচাৰীৰে খুলিব পাৰিব। সকলোবৱে মাক্স পৰিধান কৰাটো বাধ্যতামূলক।
যিসকল চৰকাৰী চাকৰিয়াল মহিলাৰ ৫ বছৰ বা ৫ বছৰৰ তলৰ শিশু আছে তেনে চাকৰিয়াল মহিলাসকল কাৰ্যালয়লৈ নাহিলেও নহ’ব। যিহেতু উক্ত মহিলাগৰাকীয়ে নিজৰ শিশুটিক পৰিচৰ্চা কৰিব। সংবাদমেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।