নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদ-নিৰ্যাতিতৰ পৰিয়াললৈ শীঘ্ৰেই চৰকাৰী চাকৰি-আৰ্থিক সাহায্য

শ্বহীদ-নিৰ্যাতিত পৰিষদক ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস

নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ সদৌ অসম শ্বহীদ–নির্যাতিত পৰিয়াল পৰিষদৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এক আলোচনা অনুষ্ঠিত হৈ যায়৷ আলোচনা কালত পৰিষদৰ প্রতিনিধি দলটোৱে শ্বহীদ আৰু নির্যাতিত পৰিয়ালৰ ৩১০জন সদস্যক শীঘ্রে চৰকাৰী কর্মসংস্থাপন দিয়াৰ লগতে আন্দোলনৰ সময়ছোৱাত বিভিন্ন নির্যাতনৰ বলি হোৱা লোকৰ পৰিয়ালক প্রথম পর্যায়ত ১ লাখকৈ টকাৰ সাহায্য প্রদানৰ বাবে দাবী জনায়৷ আলোচনা সন্দর্ভত পৰিষদৰ মুখ্য সম্পাদক মাণিক চন্দ্র দেৱনাথে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে ২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছত এশদিনীয়া কর্মসূচীত অসম আন্দোলনৰ শ্বহীদ–নির্যাতিত পৰিয়ালৰ ৩১৫জন সদস্যক কর্মসংস্থাপন দিয়াৰ প্রতিশ্রুতি দিছিল৷ অতি দুখ আৰু পৰিতাপৰ বিষয় যে ৩১৫জনৰ পৰিৱর্তে ২০১৮ চনত অসম চৰকাৰে জলসম্পদ বিভাগত ৫জনকহে নিযুক্তি দিলে, বাকী থকা ৩১০জনক জলসম্পদ বিভাগত দিয়া একে পদ্ধতিৰে সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ কর্মচাৰী (খ) বিভাগক নির্দেশ দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলি দাবী জনোৱাত মন্ত্রী ড০ শর্মাই নির্দেশ দিব বুলিও আশ্বাস প্রদান কৰে৷ লগতে অসম আন্দোলনৰ শ্বহীদ আৰু গুলীবিদ্ধসকলক যিদৰে আর্থিক সাহায্য প্রদান কৰিলে, ঠিক সেইদৰে অসম আন্দোলনৰ পংগু আৰু নির্যাতিতাসকলক অতি কম দিনৰ ভিতৰত আর্থিক সাহায্য প্রদান কৰাৰ বাবে দাবী জনায়৷ আর্থিক সাহায্যৰ ক্ষেত্রত বিত্তমন্ত্রীগৰাকীয়ে চুক্তি ৰূপায়ণ বিভাগক নির্দেশ দিব বুলিও আশ্বাস প্রদান কৰে৷ পৰিষদে লগতে জনায় যে অহা ৩১ ডিচেম্বৰৰ আগত শ্বহীদ নির্যাতিত পৰিয়ালক কর্মসংস্থাপন দিয়াৰ ক্ষেত্রত চৰকাৰে ইতিবাচক পদক্ষেপ গ্রহণ নকৰিলে জানুৱাৰী মাহৰ প্রথম সপ্তাহৰ পৰা আন্দোলনৰ কার্যসূচী আমৰণ–নশন দিছপুৰ লাষ্টগেটত ৰূপায়ণ কৰিব৷

You might also like