স্বাস্থ্যমন্ত্রীৰ ঘোষণাঃ ১০ জুনত মুকলি হ’ব সৰুসজাইৰ ৩০০খন বিছনাৰ চিকিৎসালয়
নিয়মীয়া বাৰ্তা, ৮ জুনঃ ক’ৰোনাৰ জটিল পৰিৱেশৰ সৈতে যুঁজ দি থকা স্বাস্থ্য বিভাগে অহা ১০ জুনত মুকলি কৰিব দুখনকৈ ক’ভিড চিকিৎসালয়৷ এই কথা সোমবাৰে স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ ১০ জুনত ৰাজ্য চৰকাৰখনে এমাহ সম্পূর্ণ কৰা উপলক্ষে এই দুখন চিকিৎসালয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব৷
উল্লেখ্য যে সৰুসজাইত দেশৰ প্রতিৰক্ষা মন্ত্রালয়ৰ অধীনৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ সহযোগত নির্মাণ কৰি তোলা হৈছে ৩০০খন আই চি ইউ–ক্সিজেনৰ সুবিধা থকা এখন ক’ভিড চিকিৎসালয়৷ সোমবাৰে চিকিৎসালয়খনৰ নির্মাণ প্রস্তুতি পৰিদর্শন কৰিবলৈ যোৱা স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই এই সন্দর্ভত কয়– নতুন চৰকাৰখনৰ শপতগ্রহণত এমাহ সম্পূর্ণ হোৱাৰ দিনটোতে অর্থাৎ, ১০ জুনত এই চিকিৎসালয়খন ৰাজ্যৰ ক’ভিড আক্রান্তসকলৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উৎসর্গা কৰিব৷ ২০ দিনৰ ভিতৰতে নির্মাণ কৰি উলিওৱা ক’ভিড চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জি এম চি এইচ)ৰ দ্বাৰা পৰিচালিত হ’ব৷
মন কৰিবলগীয়া যে ৰাজ্যত ক’ভিড সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে ক’ভিড চিকিৎসালয়ৰ আন্তঃগাঁথনি বৃদ্ধি কৰাৰ লক্ষ্যৰে যোৱা ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত স্বাস্থ্য বিভাগে ডি আৰ ডি অ’ৰ সৈতে চিকিৎসালয়খনৰ নির্মাণৰ বাবে বুজাবুজি চুক্তি সম্পন্ন কৰিছিল৷ যোৱা ১৮ মে’ত ডি আৰ ডি অ’ই চিকিৎসালয়খন নির্মাণৰ বাবে সৰুসজাই ষ্টেডিয়ামৰ ভূমি চমজি লোৱাৰ পাছত ৮০খন ট্রাকত বয়বস্তু আনি প্রাৰম্ভিক নির্মাণকার্য আৰম্ভ কৰে৷ ইয়াৰ পাছত ২০ দিনৰ ভিতৰত ১০০খন আই চি ইউ বিছনা আৰু ২০০খন অক্সিজেনৰ সুবিধা থকা বিছনাৰ চিকিৎসালয়খন সম্পূর্ণ কৰি তোলে ডি আৰ ডি অ’ই৷ আজি এই সন্দর্ভত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে ক’ভিড চিকিৎসালয়খনৰ ভিতৰ ভাগত প্রতিটো ছিফ্টতে জি এম চি এইচৰ এগৰাকী সহযোগী অধ্যাপকৰ সহযোগত বিভিন্ন বিভাগৰ ১৮গৰাকীকৈ চিকিৎসকে ক’ভিড আক্রান্তসকলক চিকিৎসা প্রদান কৰিব৷
তদুপৰি চিকিৎসালয়খনৰ বাহিৰত নতুন ক’ভিড আক্রান্তক ভর্তিকৰণ, আৰোগ্য লাভ কৰাসকলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ অনুমতি প্রদান আৰু কাউন্সিলিঙৰ বাবে সুকীয়াকৈ চিকিৎসক–স্বাস্থ্যক দল থাকিব৷ উল্লেখ্য যে এই চিকিৎসালয়খন নির্মাণত প্রায় ২২ কোটি টকা ব্যয় হ’ব৷ ইয়াৰে ১৯.৭ কোটি টকা ডি আৰ ডি অ’ৰ নির্মাণকার্যত ব্যয় হোৱাৰ বিপৰীতে বিদ্যুৎ সংযোগৰ বাবে এ পি ডি চি এলক ১.২৪ কোটি টকা, চিকিৎসালয়খনৰ চাৰিওফালে থকা পথ আৰু নর্দমা আদি নির্মাণৰ লোকনির্মাণ বিভাগক ৫৯ লাখ টকা আদায় দিয়া হৈছে৷ তদুপৰি খোৱাপানী যোগানৰ বাবদ এন এইচ এমে আদায় দিছে ধন৷ ইফালে মন্ত্রীগৰাকীয়ে সোমবাৰে জি এম চি এইচৰ পাকিঙত নির্মাণ সম্পূর্ণ কৰা ২০০খন আই চি ইউ বিছনাযুক্ত চিকিৎসালয়খনো ১০ মে’ত সাজু কৰি তোলা হ’ব বুলিও জানিবলৈ দিয়ে৷
আনহাতে, ক’ভিডৰ সম্ভাব্য তৃতীয় ঢৌ সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয়– তৃতীয় ঢ়ৌৰ সংক্রমণৰ বাবে মোকাবিলাৰ বাবে ৰাজ্য চৰকাৰে সকলো প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ উল্লেখ্য যে শেহতীয়াকৈ নিটি আয়োগে ক’ভিডৰ তৃতীয় পর্যায়ৰ সংক্রমণৰ আশংকা কৰি ৰাজ্য চৰকাৰসমূহক সাজু হ’বলৈ পৰামর্শ দিছে৷ মন্ত্রী কেশৱ মহন্তই এই সন্দর্ভত কয়– তৃতীয় ঢ়ৌৰ পৰিস্থিতি চম্ভালিবলৈ ইতিমধ্যে ৰাজ্যত পর্যাপ্তসংখ্যক আই চি ইউ, অক্সিজেন বিছনা আৰু আইছ’লেচনৰ বিছনা উপলব্ধ থকাৰ লগতে ৭খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত একোটাকৈ শিশুৰ বাবে আই চি ইউ ৱার্ড মুকলিৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি জিলা চিকিৎসালয়সমূহতো মুঠ ২৫০খন আই চি ইউ বিছনা শিশুৰ বাবে সাজু কৰি তোলাৰ বাবে ব্যৱস্থা গ্রহণ কৰা হৈছে৷
মন্ত্রীগৰাকীয়ে অহা ৩ মাহৰ ভিতৰত ১৮ বছৰৰ ওপৰৰ সকলোকে বিনামূলীয়াকৈ ক’ভিড প্রতিষেধক প্রদানৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও জানিবলৈ দিয়ে৷ ইয়াৰ বাবে আগন্তুক তিনি মাহত দৈনিক তিনি লাখ লোকক ক’ভিড প্রতিষেধক প্রদানৰ বাবে চৰকাৰে পৰিকল্পনা প্রস্তুত কৰি আছে বুলিও তেওঁ কয়৷