নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মার্টচিটীৰ ৭ আঁচনি ৰূপায়ণত ব্যর্থ জিএমডিএ

বিধানসভাত মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই দাখিল কৰা তথ্যত উন্মোচিত বাস্তৱ চিত্র

নিয়মীয়া বাৰ্তা,৫ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ স্মার্টচিটীৰ প্রথমখন তালিকাত ১৭ নম্বৰ স্থানত অন্তর্ভুক্ত হোৱা গুৱাহাটী মহানগৰীত স্মার্টচিটী আঁচনিখন ৰূপায়ণত সম্পূর্ণ ৰূপে ব্যর্থ হৈছে জি এম ডি এ আৰু গুৱাহাটী স্মার্টচিটী লিমিটেড ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকাৰী (জি এম ডি এ) কর্তৃপক্ষৰ অদূৰদর্শিতাৰ বাবে বিগত তিনিটা বছৰত স্মার্টচিটীৰ বাবে আবণ্টিত পুঁজি ব্যয় কৰাত ব্যর্থ হোৱাৰ বাস্তৱ চিত্র উন্মোচিত হৈছে বিধান সভাৰ মজিয়াত ৷ বিধায়ক ৰেকিবুদ্দিন আহমেদ আৰু ৰমেন্দ্র নাৰায়ণ কলিতাৰ লিখিত প্রশ্নৰ উত্তৰত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই দিয়া উত্তৰত স্মার্টচিটী ৰূপায়ণত ব্যর্থ হোৱাৰ তথ্য প্রকাশ পাইছে ৷ স্মার্টচিটী আঁচনি ৰূপায়ণৰ বাবে কেন্দ্রীয় চৰকাৰে গুৱাহাটী স্মার্টচিটী লিমিটেডক ১৯৬ কোটি টকা আবণ্টন দিছিল ৷ এতিয়ালৈকে ৰাজ্য চৰকাৰে ইয়াৰে ১৯১ কোটি মোকলাই দিছে ৷ গুৱাহাটী মহানগৰীক স্মার্টচিটী ৰূপে গঢ়ি তোলাৰ বাবে স্মার্টচিটী লিমিটেডে ১১খনকৈ অভিলাষী আঁচনি গ্রহণ কৰিছিল৷ ইয়াৰ ভিতৰত শৰণীয়া পাহাৰত গান্ধী মণ্ডপৰ উদ্যান নির্মাণ, ৩০টা বায়’টয়লেট স্থাপন, ২০টা ৱাটাৰ এটিএম স্থাপন, গান্ধী মণ্ডপত সু–উচ্চ পতাকা স্থাপন, প্রজেক্টজ্যোতি আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিজুলী–বাতি যোগান, মহানগৰীৰ পথ–উপপথত এল ই ডি ষ্ট্রীটলাইট প্রকল্প, ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্যবর্ধন, বৰচলা বিলৰ সৌন্দর্যবর্ধন, মাষ্টাৰ ছিষ্টেম ইণ্টিগ্রেটৰ আঁচনি, ইণ্টিগ্রেটেড কমাণ্ড এণ্ড কণ্ড্র’ল চেণ্টাৰকে ধৰি কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছিল ৷ কিন্তু এই আঁচনিসমূহৰ ভিতৰত মাত্র চাৰিখন আঁচনিহে গুৱাহাটী স্মার্টচিটী লিমিটেডে আৰম্ভ কৰিছে ৷ এই আঁচনিকেইখনৰ কামো বিগত তিনিটা বছৰত সম্পূর্ণ কৰিব নোৱাৰিলে গুৱাহাটী স্মার্টচিটী লিমিটেডে৷ বিধানসভাত দিয়া লিখিত প্রশ্ণৰ উত্তৰত শৰণীয়া পাহাৰত গান্ধী মণ্ডপত উদ্যান নির্মাণৰ বাবে ২.৯৩ কোটি টকা ব্যয় কৰিলে৷ ইয়াৰ উপৰি সু–উচ্চ পতাকা স্থাপনৰ নামত ব্যয় কৰিলে ২.৯২ কোটি টকা, ৩০টা বায়’টয়লেট স্থাপনৰ আঁচনিৰ নামত ৯.৫৩ কোটি টকা ব্যয় কৰি মাত্র ২১টা বায়’টয়লেটহে স্থাপন কৰিলে৷ ২০টা ৱাটাৰ এটিএম স্থাপনৰ নামত ব্যয় কৰিলে ২.০৯ কোটি টকা৷ প্রজেক্টজ্যোতি আঁচনিৰ নামত ১৩.২১ কোটি টকা ব্যয়েৰে প্রথম পর্যায়ৰ কাম এতিয়াও চলি আছে৷ প্রজেক্টজ্যোতি আঁচনিয়ে দ্বিতীয় পর্যায়ত ৫৮ হাজাৰ লোকক সামৰি ১০৩.৪৪ কোটি টকাৰ প্রাক্কলন প্রস্তুত কৰি থকা হৈছে৷ এল ই ডি লাইট প্রকল্পৰ বাবে ৭৬.৫৯ কোটি টকাৰ নিবিদা সম্পূর্ণ কৰা হৈছে৷ ব্রহ্মপুত্রৰ পাৰৰ সৌন্দর্যবর্ধনৰ বাবে ২৯৪.৩৫ কোটি টকাৰ, মাষ্টাৰ ছিষ্টেম ইণ্টিগ্রেটৰ নামত ৬০৭ কোটি টকা, ইণ্টিগ্রেটেড কমাণ্ড এণ্ড কণ্ড্র’ল চেণ্টাৰত ১২.৪৩ কোটি আৰু বৰচলা বিলৰ সৌন্দর্যবর্ধনৰ বাবে ২৭৬.১৫ কোটি টকাৰ প্রাক্কলন প্রস্তুত কৰা হৈছে বুলি মন্ত্রী সিদ্ধার্থ ভট্টাচার্যই লিখিত প্রশ্ণৰ উত্তৰত উল্লেখ কৰিছে৷

You might also like