নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্ৱচ্ছতাৰ বাবে উৎসৰ্গিত অভয়াপুৰীৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষক

দশক দশক ধৰি চিকুণাই আহিছে পথৰ দাঁতি

অভয়াপুৰীঃ আমাৰ সমাজত এনে কিছুমান লোক আছে যিয়ে নিস্ৱাৰ্থভাৱে সমাজৰ বাবে সেৱা আগবঢ়াই আহিছে। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যক ধৰি ৰখাৰ বাবে কিছুলোকে নিজৰ জীৱনকো উৎসৰ্গা কৰা উদাহৰণ সমাজত বিৰল নহয়। তেনে এক উদাহৰণ অভয়াপুৰীৰ অৱসৰপ্ৰাপ্ত শিক্ষক নগেন্দ্ৰ নাথ চৌধুৰী। অৱসৰ প্ৰাপ্ত শিক্ষক চৌধুৰীয়ে আজি কেইবাদশক ধৰি এটা অঞ্চলৰ পথৰ কাষ নিয়মীয়াকৈ চিকুনাই স্ৱচ্ছতাৰ ক্ষেত্ৰত নতুন নিৰ্দশনা দাঙি ধৰিছে। বৰপেটাত জন্মগ্ৰহণ কৰা চৌধুৰীয়ে প্ৰায় দশকজুৰি সমাজৰ বাবে নিজকে উৎসৰ্গা কৰিছে।