হটবেড গুৱাহাটী এৰি ঘৰলৈ হাজাৰ হাজাৰ, গাঁৱে–চহৰে দুগুণে ক’ৰোনা আতংক
নিয়মীয়া বাৰ্তা, ২৯ জুনঃ মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছ (ক’ভিড–১৯ত) আক্রান্তৰ সংখ্যা দিনকদিনে দ্রুতগতিত বৃদ্ধি পাবলৈ ধৰাৰ লগে লগে পূর্বে আশংকা কৰাৰ দৰেই কার্যতঃ জটিল সন্ধিক্ষণত উপনীত হৈছে অসম৷ ইতিমধ্যে ক’ৰোনাৰ হটবেডলৈ পর্যবসিত হৈছে ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটী৷ ভ্রমণ বুৰঞ্জী নথকাৰ পাছতো গুৱাহাটীত ইজনৰ পাছত সিজন লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ যিটো গুৱাহাটীত প্রাণঘাতী ভাইৰাছৰ গণসংক্রমণৰ আশংকা বৃদ্ধি কৰিছে দুগুণে৷ ক’ভিড–১৯ৰ আটাইতকৈ ভয়ংকৰ পর্যায় গণসংক্রমণৰ পৰা গুৱাহাটীক ৰক্ষা কৰিবলৈ কালি সন্ধিয়াৰে পৰা অহা ১২ জুলাই পর্যন্ত সমগ্র কামৰূপ মহানগৰ জিলাতে সর্বাত্মক লকডাউন বলৱৎ কৰা হৈছে৷
কিন্তু এইবাৰ অধিক আতংকিত কৰি তুলিছে ৰাজ্যৰ আন চহৰ–নগৰৰ লগতে গ্রামাঞ্চলৰ জনসাধাৰণকো৷ ইয়াৰ মূলতে ১৪ দিনীয়া সর্বাত্মক তথা কঠোৰ লকডাউনৰ পূর্বে ক’ৰোনাৰ হটবেড গুৱাহাটীত কর্ম বা ব্যৱসায়িক সূত্রে থকা হাজাৰ হাজাৰ লোক ইতিমধ্যে নিজ ঘৰত উপস্থিত হৈছেগৈ৷ গুৱাহাটী এৰা এইসকল লোকৰ মাজত কোনো হয়তো মাৰাত্মক ভাইৰাছৰ বাহক হ’ব পাৰে৷ যাৰ জৰিয়তে চহৰ–নগৰ তথা গ্রামাঞ্চলতো ভয়ংকৰ হাৰত ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটাৰ আশংকা কৰা হৈছে৷ কিয়নো গ্রামাঞ্চল অথবা নগৰ–চহৰসমূহল্ উভতি যোৱা লোকসকলৰ প্রায়সংখ্যকেই কৰা নাই ক’ৰোনাৰ পৰীক্ষা৷ এই ভাইৰাছবিধৰ আটাইতকৈ গুৰুত্বপূর্ণ দিশ হৈছে বহু সময়ত ৰোগীৰ দেহত কোনো ধৰণৰ লক্ষণ দেখা নাযায়৷ যদিহে এনে কোনো লক্ষণ নথকা অথচ ক’ৰোনাত আক্রান্ত কোনো লোক গুৱাহাটীৰ পৰা উভতি গৈ সংশ্লিষ্ট এলেকাত ঘূৰা–ফুৰা কৰে, তেনেহ’লে তেওঁৰ পৰা আন বহুজনলৈ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটাটো একপ্রকাৰ নিশ্চিত৷
বহিঃৰাজ্যৰ পৰা লকডাউনৰ মাজতে ৰে’ল, বিমান অথবা বাছেৰে অহা লোকসকলক নির্দিষ্ট স্থানত কোৱাৰেণ্টাইন কৰি ছোৱাব পৰীক্ষাৰ পাছতহে ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে৷ হটবেড গুৱাহাটীৰ পৰা গ্রামাঞ্চল অথবা নগৰ–চহৰৰ ঘৰখনলৈ উভতি যোৱা লোকসকলক কোনে কোৱাৰেণ্টাইন কৰিব, সেয়াও এতিয়া অনিশ্চয়তাত৷ অৱশ্যে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই কয় যে গুৱাহাটীৰ পৰা যোৱা লোকসকল নিজে নিজে কোৱাৰেণ্টাইন হওক অথবা তেওঁলোকক কোৱাৰেণ্টাইনৰ চিন্তা–চর্চা কৰা হৈছে৷
একেদৰে উভতি যোৱা লোকসকলৰ ছোৱাব সংগ্রহৰো পদক্ষেপ গ্রহণ কৰা হ’ব৷ ছোৱাব সংগ্রহৰ পাছত যাতে কোনো লোক ঘূৰি ফুৰিব নোৱাৰে, তাৰ বাবে বিশেষ ষ্টাম্প মাৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ এইবাৰ লকডাউন অতি কঠোৰভাৱে বলৱৎ কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ কিন্তু স্বাস্থ্য বিভাগৰ নির্দেশ–পৰামর্শ অমান্য কৰিলেই মহানগৰীৰ বাহকৰ পৰা গ্রামাঞ্চলসমূহত ক’ৰোনাৰ গণসংক্রমণ ঘটাৰ পূর্ণ আশংকা আছে৷ কিয়নো ইয়াৰ পূর্বে গুৱাহাটীৰ পৰা যোৱা লোকৰ পৰা আন লোকৰ শৰীৰলৈ ক’ভিড–১৯ৰ সংক্রমণ ঘটাৰ যথেষ্ট উদাহৰণ আছে৷
কিছুদিন পূর্বে নলবাৰী জিলাৰ বৰক্ষেত্রী তথা মুকালমুৱাৰ এজন লোকে ছোৱাব দিয়াৰ পাছত স্বাস্থ্য বিভাগে দিয়া নির্দেশনা অমান্য কৰি গুৱাহাটীৰ পৰা ঘৰলৈ ৰাওনা হৈছিল৷ যোৱা ১৭ জুনত ছোৱাব দিয়াৰ পাছত তেওঁক হোম কোৱাৰেণ্টাইনৰ নির্দেশ দিয়া হৈছিল৷ কিন্তু এই নির্দেশ নামনি তেওঁ পুৰান আখিয়াৰ ঘৰলৈ ৰাওনা হৈছিল৷ যোৱা ২২ জুনত তেওঁৰ শৰীৰত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰে৷ গাঁৱৰ ঘৰলৈ গৈ বিভিন্ন অঞ্চল তেওঁ ভ্রমণ কৰিছিল৷ যাৰ বাবে সমগ্র অঞ্চলটোতে পৰৱর্তী সময়ত আতংক সৃষ্টি কৰিছিল৷ একেদৰে ভাৰতীয় ষ্টেট বেংকৰ গুৱাহাটীৰ লখৰা শাখাৰ কর্মচাৰী বিজয় শংকৰ দাস যোৱা ১৩ জুনত বিশ্বনাথ চাৰিআলিৰ শান্তিপুৰৰ বাসগৃহলৈ গৈছিল৷ পুনৰ ১৭ জুনত গুৱাহাটীলৈ উভতি অহা দাসৰ শৰীৰতো ক’ভিড–১৯ ধৰা পৰে৷ বিশ্বনাথত থকাৰ সময়ত এখন চেলুনত চুলি কটোৱাৰ লগতে তেওঁ কেইবাজনো লোকৰ সংস্পর্শলৈ আহিছিল৷ যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰিছিল৷
এই আতংকৰ মাজত উক্ত নাপিতজনো ক’ৰোনাত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ যাক লৈ সমগ্র অঞ্চলটোতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ এতিয়া এনে উদাহৰণৰ আঁত ধৰিয়েই গুৱাহাটীৰ পৰা উভতি যোৱা লোকক লৈ আতংকিত হৈ পৰিছে গ্রামাঞ্চলৰ বহু লোক৷ প্রথম আৰু দ্বিতীয় লকডাউনৰ পাছত লাহে লাহে কিছু শিথিলতা প্রদান কৰাৰ লগে লগে চৰকাৰী–বেচৰকাৰী কার্যালয়ৰ লগতে ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি প্রদান কৰিছিল৷ যাৰ বাবে প্রথম আৰু দ্বিতীয় লকডাউনৰ পাছত গুৱাহাটী এৰি ঘৰলৈ উভতি যোৱা বহু লোক পুনৰ মহানগৰীলৈ আহি নিজ নিজ কর্তব্যত যোগদান কৰিছিল৷ বিগত দিনকেইটাত এই লোকসকলে মহানগৰীৰ ভিন্ন প্রান্তত কর্তব্য সম্পাদন কৰিছিল৷ কিন্তু পুনৰ আজিৰে পৰা লকডাউন বলৱৎ হোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে কালি ঘৰলৈ ৰাওনা হৈছে এই লোকসকল৷
বিগত দিনসমূহত মহানগৰীত অলিয়ে–গলিয়ে, বজাৰে–সমাৰে ঘূৰি ফুৰা লোকসকলক লৈ শংকিত হৈ পৰাটো স্বাভাৱিক৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে যোৱা শুকুৰবাৰে ৰাজ্য চৰকাৰে কামৰূপ মহানগৰ জিলাত ১৪ দিনীয়া কঠোৰ লকডাউন বলৱৎ কৰাৰ কথা ঘোষণা কৰিছিল৷ ইয়াৰ পাছতে মহানগৰী এৰিবলৈ আৰম্ভ কৰে বহু লোকে৷ অৱশ্যে দূৰণিবটীয়া ঠাইসমূহলৈ এতিয়াও যাতায়াত সুচল নোহোৱা বাবে ব্যাপক হাৰত লোক গুৱাহাটীৰ পৰা উভতিবলৈ সক্ষম হোৱা নাই৷ ব্যক্তিগত বাহনেৰে বহু লোক দূৰণিবটীয়া ঠাইসমূহলৈ উভতিছে৷ ইয়াৰ বিপৰীতে বিভিন্ন ধৰণৰ যান–বাহনেৰে গুৱাহাটীৰ সমীপৱর্তী জিলাসমূহলৈ সোঁত বৈছে মহানগৰীত কর্মৰত লোকসকলৰ৷ বিশেষকৈ নলবাৰী, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং, দৰং, তেজপুৰ, নগাঁও, মৰিগাঁও আদি অঞ্চলৰ লোকসকল গুৱাহাটীৰ পৰা ব্যাপক হাৰত উভতি যোৱা পৰিলক্ষিত হৈছে৷ যাৰ বাবে গুৱাহাটীৰ পৰা এই জিলাসমূহলৈ যোৱা পথসমূহত ব্যাপক ভিৰো দেখা যায়৷