নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ লকডাউনৰ সময়ছোৱাত ব্যক্তিগত খণ্ডৰ কর্মচাৰীসকলৰ চাকৰিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ প্রধানমন্ত্রীয়ে জনোৱা আহ্বানক চৰম উপেক্ষা কৰাৰ এটা ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ বাংগালুৰুৰ এটা প্রতিষ্ঠানত কর্মৰত ২০০ অসমৰ যুৱকক কোম্পানীটোৱে হঠাৎ চাকৰিৰ পৰা অব্যাহতি দিছে৷ ফলত সংস্থাপনহীন হৈ পৰা যুৱকসকল এতিয়া গভীৰ অনিশ্চয়তাৰ সন্মুখীন হৈছে৷ উল্লেখ্য যে বাংগালুৰুত মুখ্য কার্যালয় থকা ‘উড়ান বি টু বি হাইভলুপছ টেকন’লজী’ নামৰ কোম্পানীটোৱে বিগত সময়ছোৱাত অসমৰ বহুসংখ্যক যুৱকক চাকৰি প্রদান কৰিছিল৷ ষ্টীলৰ সামগ্রী, বাচন–বর্তন, ইলেক্ট্রনিক প্রডাক্টছ আদি নির্মাণকাৰী প্রতিষ্ঠানৰ পৰা বিপণী আৰু গ্রাহকক যোগানৰ কাম কৰে এই কোম্পানীটোৱে৷ গুৱাহাটীৰ বৰাগাঁৱত ‘উড়ান বি টু বি’ নামৰ কোম্পানীটোৰ এটা বৃহৎ গুদাম আছে৷ য’ৰ পৰা বিক্রীৰ বাবে অনা সামগ্রীসমূহ অসমৰ বিভিন্ন জিলালৈ সৰবৰাহ কৰা হয়৷ ‘উড়ান’ত কর্মৰত অসমৰ যুৱকসকলে এই কামত নিয়োজিত হৈ উপার্জনৰ পথ মোকলাই আহিছিল ৷
কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে সমগ্র দেশত লকডাউন বলৱৎ কৰা হয়৷ যাৰ বাবে ‘উড়ান’ কোম্পানীৰ কাম–কাজো অসমত স্থবিৰ হৈ পৰে৷ যোৱা ২৩ এপ্রিল পর্যন্ত কোম্পানীটোৱে এই যুৱকসকলক ইণ্টাৰনেটযোগে প্রশিক্ষণ প্রদান কৰি থাকে৷ কিন্তু ২৪ এপ্রিলত হঠাৎ অসমত কর্মৰত কর্মচাৰীসকললৈ কোম্পানীৰ ফালৰ পৰা একোটা ই–মেইল আহে৷ য’ত জনোৱা হয় যে তেওঁলোকক তৎকালে বলৱৎ হোৱাকৈ চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে৷ লকডাউনৰ মাজতে কর্তৃপক্ষৰ পৰা এই নির্দেশ লাভ কৰি সম্প্রতি দিশহাৰা হৈ পৰিছে এইসকল কর্মচাৰী৷ এইদৰে চাকৰি হেৰুওৱা গুৱাহাটীৰ গীতানগৰৰ যুৱক গণেশ বৈশ্যই কয় যে ‘উড়ান’ কোম্পানীত তেওঁ ২০১৯ চনৰ জুন মাহত যোগদান কৰিছিল৷ দৰমহাৰ পইচাৰেই মাক, ভায়েক, পত্নী আৰু দুগৰাকী কন্যা সন্তান থকা পৰিয়ালটো পৰিচালনা কৰি আহিছিল৷ লকডাউন শেষ হোৱাৰ পাছত নতুন উদ্যমেৰে চাকৰিৰ কামত মন দিয়াৰ চিন্তা–চর্চা কৰি থকাৰ মাজতে এই দুঃখবৰ আহিল৷ ইয়াৰ পাছত নতুন চাকৰি পোৱাটো সম্ভৱ হ’ব নে নহয়, পৰিয়াল কেনেকৈ চলাব, সেই কথা ভাবি গণেশ বৈশ্যৰ দৰে তেওঁৰ সহকর্মীসকলো দুশ্চিন্তাত ভুগিছে৷ উল্লেখ্য যে লকডাউনৰ বাবে দেশৰ সকলো প্রতিষ্ঠানেই লোকচানৰ সন্মুখীন হৈছে৷ কিন্তু তাৰ মাজতো মানৱীয় দৃষ্টিভংগীৰে এই প্রতিষ্ঠানসমূহক কোনো কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত নকৰিবলৈ আৰু দৰমহা কর্তন নকৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বাৰম্বাৰ আহ্বান জনাই আহিছে৷ কিন্তু প্রধানমন্ত্রীৰ আহ্বানকো উপেক্ষা কৰি বাংগালুৰৰ ‘উড়ান’ নামৰ প্রতিষ্ঠানটোৱে এটা দিনৰ ভিতৰতে ২০০ কর্মচাৰীক চাকৰিৰ পৰা বর্খাস্ত কৰে ৷