হাগ্রামাক বড়ো জনগোষ্ঠী, আজমলক মুছলমানৰ শত্ৰু আখ্যা
ৰঙিয়াত ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ সভাত ভৰত গান্ধী
নিয়মীয়া বাৰ্তা ১৭ ফেব্ৰুৱাৰীঃ ৰঙিয়াত দেওবাৰে নাগৰিকত্ব সংশোধনী আইনৰ পুনৰ বিচাৰৰ দাবীত ভোটার্ছ পার্টী ইণ্টাৰনেচনেলে (ভিপিআই) বিশাল জনসভাৰ আয়োজন কৰে৷ ৰঙিয়া জিলা ক্রীডা সন্থাৰ খেলপথাৰত অনুষ্ঠিত এই সভাত কেইবা সহস্রাধিক কর্মীয়ে অসম বিধানসভাই ‘কা’ৰ বিৰুদ্ধে প্রস্তাৱ লোৱাৰ দাবী জনায়৷ ভিপিআইৰ মুৰব্বীস্বৰূপ নীতি নির্ধাৰক ভৰত গান্ধীৰ জন্মদিন উপলক্ষে আয়োজিত সমাৱেশত গান্ধীয়ে অসম চৰকাৰক অন্য ৰাজ্যৰ দৰে বিধানসভাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্রস্তাৱ গ্রহণ কৰিবলৈ দাবী জনায়৷ নাগৰিকত্ব সংশোধনী আইনৰ যুক্তি শুদ্ধ নহয় বুলি উল্লেখ কৰি দৰিদ্রতাৰ লগত ককবকাই থকা দেশখনত এনআৰচিৰ কিয় প্রয়োজন বুলি তেওঁ চৰকাৰক প্রশ্ণ কৰে৷ আনফালে এ আই ইউডিএফৰ নেতা বদৰুদ্দিন আজমলক মুছলমান আৰু বিপিএফৰ নেতা হাগ্রামা মহিলাৰীক বড়ো জনগোষ্ঠীৰ শত্রু বুলি তেওঁ কয়৷ লগতে ১৯৮৫ চনত কৰা অসম চুক্তিক ভুল বুলি আখ্যা দি আছুকো তীব্র সমালোচনা কৰে৷ তেওঁ কয় যে এইসকল নেতাৰ বাবেই ৰাজ্যৰ জনসাধাৰণে নিজ প্রাপ্যৰ পৰা বঞ্চিত হব লগা হৈছে৷ কিছুমান অপ্রয়োজনীয় বিষয়ক লৈ চৰকাৰে দেশৰ জনসাধাৰণক মূল বিষয়ৰ পৰা আঁতৰাই ৰাখি বিপথে পৰিচালিত কৰিছে বুলি ক্ষোভ প্রকাশ কৰে৷ আনহাতে চৰকাৰক দেশৰ প্রতিগৰাকী ভোটাৰক ৬ হাজাৰ টকাৰ ভোটাৰশ্বিপ দিবলৈ গান্ধীয়ে দাবী জনায়৷ উক্ত সভাতে আগন্তুক বিটিচি নির্বাচনৰ বাবে দলীয় কর্মী তথা কর্মীসকলক সাজু হবলৈ আহ্বান জনায়৷ ভিপিআয়ে বিটিচি গঠন কৰিলে মাহিলি ৫০০ টকাকৈ, বিধানসভা নির্বাচনত ৰাজ্য চৰকাৰ গঠন কৰিলে ১০০০ টকাকৈ আৰু লোকসভাত নির্বাচনত শাসনত আহিলে প্রতি গৰাকী ভোটাৰক ৬০০০ হাজাৰ টকাকৈ ভোটাৰশ্বিপ দিব বুলি ঘোষণা কৰে৷ উক্ত সভাত ভিপিআইৰ ৰাজ্যিক সভাপতি ললিত পেগুৱে কয় যে অসম চুক্তিৰ পিছত এজনো বাংলাদেশী খেদিব পৰা নগ’ল৷ ইয়াৰ পিছত পুনৰ ‘কা’ৰ জৰিয়তে বাংলাদেশ , পাকিস্তান আৰু আফগানিস্তানৰ পৰা মানুহ আনিবলৈ আইন প্রণয়ন কৰা হৈছে৷ এয়া কোনোপধ্যেই মানি লব নোৱাৰি৷ আনহাতে পুনৰ এনআৰচি প্রক্রিয়া আৰম্ভ হ’লে প্রতিগৰাকী ব্যক্তিৰ একাউণ্টত এক লাখ টকাকৈ জমা দিবলৈ সভাপতি পেগুৱে চৰকাৰক দাবী জনায়৷ সভাত ভিপিআইৰ প্রচাৰ সম্পাদক পৱিত্র বডোৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷