নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু ধৰ্মৰ লোকে মছজিদলৈ দান কৰিলে পবিত্ৰ কোৰান শ্বৰীফ

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন

নিয়মীয়া বাৰ্তা ৪ মাৰ্চঃ বাক্সাৰ শালবাৰীৰ গোৱৰ্ধনা থানাৰ অন্তৰ্গত কালপানীত দুদিন পূৰ্বে কোনো দুষ্কৃতিকাৰীয়ে মছজিদৰ ভিতৰত ইছলামধৰ্মী লোকৰ ধৰ্ম গ্ৰন্থ কোৰান শ্বৰীফ আৰু হাদিছত অগ্নি সংযোগ কৰাৰ পিছতে সমগ্ৰ অঞ্চলটোতে এক চেপা উত্তেজনা বিৰাজ কৰিছিল৷ বাক্সা জিলা আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰনত আনিবলৈ সক্ষম হৈছিল যদিও আজি পৰ্যন্ত উত্তেজনা মাৰ যোৱা নাছিল কালপানী অঞ্চলত ৷ শালবাৰী মহকুমাৰ মহকুমাধিপতি নিত্য বিনোদ ওৱাৰীৰ সভাপতিত্বত মঙলবাৰে কালপানীত এখন শান্তি সভা অনুষ্ঠিত হয়৷ সভাত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন লোক উপস্থিত থাকে৷ সভাখনতেই সাতামপুৰুষীয়া ভাতৃত্ববোধ অটুত ৰাখি হিন্দু-মুছলিম ধৰ্মৰ লোকসকলে কেইবাখনো কোৰান শ্বৰীফ মছজিদটোলৈ দান কৰে৷ মছজিদ পৰিচালনা সমিতিৰ সভাপতি ইব্ৰাহিম আলীয়ে ৰাজ্যবাসীক শান্তি সম্প্ৰীতি অটুত ৰখাৰ লগতে এই ক্ষেত্ৰত কোনো ৰাজনীতি নকৰিবলৈ আহ্বান জনায়৷ শান্তি সভাখনত বাক্সা জিলা আৰক্ষী অধীক্ষক প্ৰতীক থুবে,উপ আৰক্ষী অধীক্ষক লাম হাও দাংগাল,শালবাৰী মহকুমা আৰক্ষী বিষয়া ছফিকুল হক,গোৱৰ্দ্ধনা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ছাইদুৰ ৰহমান,শালবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিদ্ধেশ্বৰ বড়ো,আছা,আক্ৰাছু,আমছু,এবিএমছু,বিপিএফ,ইউপিপিএলকে ধৰি বহুকেইটা দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷

You might also like