নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

DSP হ’ব ধিং এক্সপ্ৰেছ হিমা দাস

নিয়মীয়া বাৰ্তা, ৬মাৰ্চঃ সোণোৱাল চৰকাৰৰ বাজেটত খেলুৱৈ সকলৰ বাবে বিশেষ স্থান। ৰাজ্যৰ অসামৰিক সেৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা খেলুৱৈৰ বাবে বিশেষ পদক্ষেপ।

       ক্ৰীড়াৰ প্ৰতি যুৱপ্ৰজন্মক অধিক আকৰ্ষিত কৰিবলৈ যিসকল খেলুৱৈয়ে অলিম্পিক, এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰিছে তেওঁলোকক ৰাজ্য চৰকাৰৰ প্ৰথম শ্ৰেণীৰ বিষয়া হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ বাজেটত আৰু এই নীতিৰ প্ৰথমজন হিতাধিকাৰী হ’ব স্ৱৰ্ণ কন্যা হিমা দাস। হিমা দাসলৈ আগবঢ়োৱা হ’ব অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ পদ।

You might also like