হোজাইত দুৰ্ঘটনা ৰোধৰ লক্ষ্যৰে ডবকা আৰক্ষীক আজমল ফাউণ্ডেচনৰ বেৰিকড প্ৰদান
নিয়মীয়া বাৰ্তা ২৪ ফেব্ৰুৱাৰীঃ বিগত কিছুদিনৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ বিশেষকৈ ডবকাৰ ৩৬ নং আৰু নীলবাগানৰ ৫৪ নং চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত যোৱা সপ্তাহত তীব্ৰবেগী ট্ৰাক ডাম্পাৰৰ খুন্দাত সাততাকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে ৷ যাৰ ফলত বহু কেইজন লোকে অকালতে মৃত্যুক সাৱতি লোৱাৰ উপৰিও আন বহু কেইজন চিৰদিনৰ বাবে ঘূনীয়া হৈ পৰিছে ৷ এই তীব্ৰবেগী বাহন সমূহৰ গতি হ্ৰাস কৰাৰ লক্ষ্যৰে হোজাইস্থিত আজমল ফাইণ্ডেচন নামৰ ব্যক্তিগত সংস্থাটোৱে দেওবাৰে সন্ধিয়া ডবকা আৰক্ষীক কেইবাটাও বেৰিকেড দান কৰে ৷ ফাইণ্ডেচনৰ কৰ্মকৰ্তা সকলে আশা কৰিছে যে তেওঁলোকৰ এই সামান্য প্ৰচেষ্টাই সঘনাই সংগঠিত হোৱা দুৰ্ঘটনা সমূহ কিছু পৰিমানে হলেও হ্ৰাস পাব ৷ দেওবাৰে এই অনুষ্ঠানত উপস্থিত থাকে হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে ডবকা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৷ আজমল ফাউণ্ডেচনৰ এনে পদক্ষেপত শলাগিছে আৰক্ষী প্ৰশাসনে ৷